পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/১৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ৰ্থ দৃশ্য-নৈৰ পৰি। (অনস্তুৰ প্ৰবেশ) অনন্ত { নিজে নিজে ] প্ৰতিশোধ লম! প্ৰতিশোধ ল’ম! প্ৰতাপসিংহৰ ওপৰত প্ৰতিশোধ ল’ম। বিজয়সিংহৰ ওপৰত প্ৰতিশোেধ ল’ম। সৈন্য উত্তেজিত কৰিম, প্ৰজ। বিদ্ৰোহী কৰিম। সামান্য এটা সেনাপতিয়ে মোক অপমান কৰিছে, সামান্য এজনী ছোৱালীৰ কাৰণে কাশ্মীৰ ধ্বংস কৰিব খুজিছে, আৰু মই কাশ্মীৰৰ মন্ত্ৰীপুত্ৰ ভাবী মন্ত্ৰী হৈ এই স্বেচ্ছাচাৰি চাই থাকিম? প্ৰতাপসিংহ, তই ভাবিছ কাশ্মীৰত যুদ্ধ-তৰঙ্গ তুলিম, আৰু বিজয়সিংহ, তুমি ভাবিছা কমলাৰ কাৰণে লক্ষ লক্ষ নিৰীহ প্ৰজা নৰমেধ যজ্ঞত আহুতি দিম! সি নহৈছে; অ’ হ'লহেতেন যদি কমলাই মোক ভাল পালেহেতেন। কিমান দিন কিমান চেষ্টা, কিমান অনুনয় বিনয় কৰিলো, তেওঁ তাইৰ চকুত এটি চেনেহ চাৱনি নেদেখিলো, এষাৰি মৰমৰ মাত নেপালো। ইমান অভিমানিনী তাই! তাইৰ ওপৰতো প্ৰতি- শোধ ল’ম! অনন্তক অবজ্ঞা কৰাৰ যযাগ্য পুৰস্কাৰ দিম। [ বীৰেন্দ্ৰসিংহৰ প্ৰবেশ ] বীৰেন্দ্ৰ আপুনি বোলে মোক এবাৰ লগ পাব খুজিছিলে? অনন্ত- তোমাক লগ পাবলৈ বুলিয়েই ইয়াত ৰৈ আছোহি : অলপ কথা আছে। w