এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩য় দূশ্য—কমলাৰ কক্ষ।
( সন্ধ্যাৰ পাচত কমলাই বহি বীনা বজাই গীত গাই থাকে। সন্মুখত
এখন ডাঙৰ দাপোণ; কক্ষত এটা ক্ষীণ আলোকৰ চাকি। দাপোণত মুখ
চাই চাই কমলাই গীত গাই থাকে)।
-গীত-
সন্ধ্যাৰাণী সন্ধ্যাৰাণী,
(তোমাৰ) (অৰুণিমা বৰণৰ আচল খনি।
ডাৱৰে ডাৱৰে তুমি বুলোৱা চৰণ,
যমুনা জলত দিয়া কণক বৰণ;
গছে পাতে বনে বনে আহা তুমি মনে মনে
সোণোৱালী ৰাগ ভৰা তুলিকা তানি।
ছায়া কায়া অলোকৰ মাধুৰি মিলাই
গোপনে হিয়াত দিয়া কবিতা জগাই,
তুমি আহি মনে মনে কোৱা ৰাণী কাণে কাণে
সপোনৰ গীতিকাৰ নিমাতী বাণী॥
[ গীতৰ মাজতে অনন্তৰ প্ৰবেশ। আলোক ক্ষীণ হলেও দাপোণত অনন্তৰ
অস্পষ্ট প্ৰতিবিম্ব পৰে।]
কমলা—কোন? [ অনন্ত নিমাত।] কোন? [ উঠি আহি চাকিৰ শলিতা বঢ়াই দিয়ে।
কক্ষ উজ্জ্বল আলোকিত হয়। আচৰিত হৈ] মন্ত্ৰীপুত্ৰ, ইয়াত কিয়?