পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১ম অ-২য় দৃ]
কাশ্মীৰ কুমাৰী


 সৈন্য কিমান পৰ তিষ্ঠিব, সেইটো জানে কাশ্মীৰৰ অধিপতিয়ে আৰু জানে

 কাশ্মীৰৰ প্ৰধান সেনাপতিয়ে।

অনন্ত—তুমি দুৰাকাঙ্খী! বিশ্বসিংহৰ দুৰ্জ্জয় বাহিনী তুমি জয় কৰিব নোৱাৰা।

 কাশ্মীৰৰ পৰাজয় অনিবাৰ্য্য।

প্ৰতাপ—-কাশ্মীৰৰ যদি পৰাজয় অনিবাৰ্য্য তাৰ কাৰণেও কাশ্মীৰ প্ৰস্তুত। সেই বুলি,

 কাশ্মীৰৰ দেবী প্ৰতিমা প্ৰাগজ্যোতিষত বিসৰ্জ্জন দিবলৈ, কাশ্মীৰৰ আত্ম-

 সন্মান বিশ্বসিংহক বিক্ৰী কৰিবলৈ কাশ্মীৰৰ ৰাজশক্তি প্ৰস্তুত নহয়।

অনন্ত-সেই বুলি প্ৰজাশক্তি ক্ষয় কৰিবলৈ ৰাজশক্তিৰ কোনো অধিকাৰ নাই

 সেনাপতি।

প্ৰতাপ-অনন্ত, তুমি অসংযত ভাবে কথা কৈছা। মহাৰাজে নিজৰ কৰ্ত্তব্য বুজে।

অনন্ত-সিমানখিনি কৰ্ত্তব্য জ্ঞান থকা হলে, মহাৰাজে কৰপুতে কমলাক অনঙ্গৰ

 হাতত সোধাই দি বিশ্বসিংহৰ অধীনতা স্বীকাৰ কৰিলেহেতেন।

প্ৰতাপ-[ খঙেৰে ] তুমি দেশদ্ৰোহী!

অনন্ত-তোমাৰ ভ্ৰূকুটিলৈ মই ভ্ৰুক্ষেপ নকৰোঁ প্ৰতাপসিংহ।

প্ৰতাপ-ইচ্ছা কৰিলে এই মুহুৰ্ত্ততে তোমাক শৃঙ্খলাবদ্ধ কৰি তোমাৰ উশৃঙ্খল প্ৰবৃত্তিৰ

 যথেষ্ট পুৰষ্কাৰ দিব পাৰোঁ।

অনন্ত-সেনাপতি, জানা মই কোন?

প্ৰতাপ-জানো, তুমি ৰাজমন্ত্ৰীৰ অযোগ্য পুত্ৰ আৰু কাশ্মীৰৰ কলঙ্ক! কক্ষত্যাগ

 কৰাঁ।