অনন্ত-বেচ যাওঁ, কিন্তু যোৱাৰ আগতে কৈ যাওঁ প্ৰতাপসিংহ অনন্তই এই অপমান
সহ্য নকৰে। [ আঙুলি টোৱাই ] মনত থাকে যেন। [ প্ৰস্থান ]
[ প্ৰতাপে অনন্ত যোৱাৰ ফালে খঙেৰে চাই থাকে; আৰু বিপৰীত ফালৰ পৰা
আহি বিমলাই মাত দিয়ে]
বিমলা—দাদা।
প্ৰতাপ-[ ঘূৰি ] কি বিমলা?
বিমলা--তোমালোকক পাইছে কিহে?
প্ৰতাপ—কি হল?
বিমলা—মই ভিতৰৰ পৰা তোমালোকৰ সকলো কথা-বতৰা শুনি আছিলোঁ। মন্ত্ৰীপুত্ৰৰ
লগত কেলৈ বিবাদ কৰিলা? বন্ধুৰ লগত বন্ধুৱে বিবাদ কৰা জানো ভাল
দাদা?
প্ৰতাপ-বিমলা, বন্ধুৰ লগত বন্ধুৰ বিবাদ অশোভন সঁচা। সেই বুলি বন্ধুত্বৰ
কাৰণে, নিৰ্দোষীক দোষী আৰু দোষীক নিৰ্দ্দোষী কৰিব নোৱাৰি।
বিমলা—সেই বুলিয়েই ইমান দিনৰ বন্ধু একে দিনাই বিচ্ছেদ কৰিলা।
প্ৰতাপ-বিমলা, বন্ধুত্বৰ কাৰণে, মোৰ মাতৃভূমি মোৰ কাম্য ভূমি কাশ্মীৰৰ
অশুভকাঙ্খীক প্ৰশয় দিব নোৱাৰো। যি বন্ধুৱে নিজ শক্তিৰ ওপৰত আস্থা
হেৰুৱায়, যি বন্ধুৱে মোৰ সোণৰ কাশ্মীৰৰ মান মৰ্য্যদা বুজি নেপায়,
সেই বন্ধু বন্ধু নহয় , বিমলা শত্ৰু। মোৰ শত্ৰু, স্বদেশৰ শত্ৰু, স্বজাতিৰ