কাশ্মীৰ কুমাৰী (১ম অ—২য় দৃ প্ৰভাপ— প্ৰাগজ্যোতিষপুৰৰ ৰজা বিশ্বসিংহৰ লগত। অনন্ত কাশ্মীৰীয়ে ইমান দূৰ গৈ প্ৰাগজ্যোতিষত যুদ্ধ কৰিব? প্ৰতাপ দূৰেই হওক বা ওচৰেই হওক, কাশ্মীৰীয়ে কোনো দিন কাৰো ৰাজ্যত হস্তক্ষেপ কৰিবলৈ যোৱা নাই; আহিব ৰাজ্যলোভী বিশ্বসিংহৰ সৈন্ত কাশ্মীৰ আক্ৰমণ কৰিবলৈ। অনন্ত যুদ্ধৰ কাৰণ কি প্ৰতাপ? প্ৰতাপ কামৰূপৰ মহাৰাজে পুত্ৰ অনঙ্গৰ কাৰণে কমলাৰ পত্নিত্ব দাবি কৰিছিলে, মহাৰাজ তাত সন্মত নহল; এয়ে যুদ্ধৰ কাৰণ। অনন্ত মহাৰাজে এইটো বৰ ভাল কাম নকৰিলে। প্ৰতাপAnamika baruah (talk) কোনটো অনন্ত। অন— কমলাক দিবলৈ অস্বীকাৰ কৰাটো। প্ৰতাপ কিয় স্বীকাৰ কৰিব? বিদৰ্ভৰ ৰাজসভাত স্বৰ্গ গত অজয়সিংহৰ অপমান মহাৰাজে পাহৰা নাই। পিতৃ অপমানকাৰী বিশ্বসিংহৰ পুত্ৰ অনৰ হাতত কমলাক অৰ্পণ নকৰি মহাৰাজে উচিত কাম কৰিছে। অনন্ত- কিন্তু ইফালে যে কাশ্মীৰ ধ্বংস হব। প্ৰতাপ- কিয়? অনন্ত বিশ্বসিংহৰ অজেয় বাহিনীৰ সন্মুখত এমুঠি কাশ্মীৰী সৈন্য কিমান পৰ তিম্ভিব? প্ৰতাপ- [ অলপ খং উঠি। জন্মভূমি কাশ্মীৰৰ 'শুভাকাঙ্খী যুবক, বিশ্বসিংহৰ অজেয়-বাহিনীৰ সন্মুখত এমুঠি কাশ্মীৰী