এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৯৮ ]
পাতালক লাগি তাই বেন্তগোট যাই।
দশোদিশ জিনি বেগে শৰীৰ বঢ়াই॥
বিকট দশন যেন শালবৃক্ষ প্ৰায়।
অগনি সমান আক্ষি চাহন নজাই॥৪৪৮
আতিবৰ বেসে তাই বৰ আসৰিস।
কোনথানে যাইবে দেৱে নাপাৱন্ত দিশ॥
চন্দ্ৰসূৰ্য্য নিজতাপ এৰি অন্তৰিলা।
ভয়ে নৱগ্ৰহসব অন্তৰিয়া গৈলা॥৪৪৯
কৰপাৰি বহিলেক দিগ্গজ সকল।
নৰহয় ধৰণা কৰয় তলবল॥
ঢলপল কৰে সব পৰ্ব্বত সকল।
উঠি উঠি যাই সাতো সাগৰৰ জল॥৪৫০
দৌপদীৰ মনত মিলিলা মহাভয়।
সসাগৰা মহীসমে আমাক গিলয়॥
স্বৰ্গএৰি পলাই গৈলা দেৱতা সমস্ত।
একালসৰে মই কিবা কৰিবো শকত॥৪৫১
হে কৃষ্ণ! তুমি বিনে পৰিত্ৰান নাই।
গৰ্ভত ৰাখিলা মোক ৰাক্ষসীও খাই॥
নাজানোহো মই একো শৰৰ মহত্ত্ব।
কোন বেলা কোন শৰ মাৰিবে শকত॥৪৫২