এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কালমুখী অস্ত্ৰবৰ অল্প দেখি মনে।
তাক বাঞ্চা নকৰিলা একো দেবগণে॥
ব্ৰহ্মাক উপেক্ষি বহি আছে সেহি থানে।
অগনি খুজিয়া পাচে নিলা সেহিবানে ॥৪৪৩
কতোকাল মান বহ্ণি থানত আহিলা।
অনন্তৰে কলিযুগ আসিয়া মিলিলা॥
অগনিয়ে অৰ্জ্জুনক ধনুটোন দিলা।
সেহিবান পাচে অগ্নিদেবে পাসৰিলা ॥৪৪৪
অৰ্জ্জুনৰ আগে নকহিলা তাৰগুণ।
কৃশ হৈয়া টোনে পশি আছয় আপোন॥
একোথামে প্ৰহাৰ নকৰে ধনঞ্জয়।
নিৰকুল ৰূপে বান টোনত আছয় ॥৪৪৫
মায়াময় শৰ সিতো মহিমা অযুত।
সামান্য মানিয়া নামাৰয় কুন্তীসুত॥
টোলহন্তে বাজ হৈয়া উঠিয়া আসয়।
দেখি যাজ্ঞসেনী তাক ধৰিলা নিশ্চয়॥ ৪৪৬
বৈসম্পায়ন বদতি শুনিয়ো মহাৰাই।
সেহিবেলা ৰাক্ষসী ধৰিলা নিজকায়॥
মায়াকৰি জগতৰ গিলিবাক মনে।
ধৰিলেক নিজৰূপ তাই তেতিক্ষণে॥ ৪৪৭
৯