এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৯৯ ]
তথাপিতো এহি শৰপাত হাতে পাই।
ইহাক হানিবো আজি ৰাক্ষসীক লই॥
এহিবুলি বানপাত ধৰি তেতিক্ষণে।
কৃষ্ণৰাম হৰি সুমৰন্ত ঘনে ঘনে॥৪৫৩
গুণত লগাইলা মাত্ৰ আৰ্থবেৰ্থ কৰি।
বাঢ়িবে লাগিল আতি দিব্যমূৰ্ত্তি ধৰি॥
মেৰু পৰ্ব্বতৰ সম ভৈলা কলেবৰ।
গাঠি গাঠি জিকি পাৰে হীৰা মানিকৰ॥৪৫৪
ৰত্ন বিৰঞ্চিত তাত ঘুগুৰা আৰিলা।
কঙ্কপক্ষী চাঁয়া তাত বিশিষ্ট বহিলা॥
প্ৰবন্ধে গড়িলা তাত দুইখানি হাত।
এহিমতে সজাইয়া ৰহিলা তথাত॥৪৫৫
তিশাল বিষাল খাণ্ডা দুইহাতে দিলা।
বিষময় মুখগোট পাচেসে সাজিলা॥
ৰেখাৰূপে খাণ্ড যেন তাহাত থাকয়।
বাৰিষাৰ বেলা মহা প্ৰচণ্ড হোৱয়॥৪৫৬
মেৰু মন্দাৰৰ সম ভৈলা কলেৱৰ।
দুইখান খৰ্গ যেন ত্ৰিশূল হৰৰ॥
চাহিবে নপাৰি আতি দেখিলাগে ভয়।
আজি গঢ়ি আছে যেন দেখিতে তেনয়॥৪৫৭