পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৮ ]

বহুদিন ভৈলা আত দূবশ মিলিব।
আমাৰ কাহিনি সবে ৰাজাহ কহিব॥১৩
সত্তৰে আসিওক নকৰি অবিলম্ব।
আমি আত থাকিবাক নাহিকে বিলম্ব॥
চল চল কৰি বীৰে আদেশ কৰিলা।
ৰাজাক প্ৰণামি দূত গমন কৰিলা॥১৪
কতিপয় দিনে যাই মণি দ্বীপ পাইলা।
ভীমৰ কাহিনি পুণ্ডাৰকাত জনাইলা॥
শুনি পুণ্ডৰিকে যাই ৰাজাত কহিলা।
চলিবাক ৰাজা তাক তথাকে বুলিলা॥১৫
বাযুবেগে আসি পাছে ভবৰ্ণব পাইলা।
ৰাজাক নমিয়া এক পাশ হুৱা ৰৈলা॥
অবনত ভাবে আছে পৰ্ব্বত আকাৰ।
মনুষ্যে দেখিলে আতি ভয়ে চমৎকাৰ॥
মনত বোলন্ত ৰাজ কিনো নাগ গোট।
সুৰাসুৰ লোকত লগাইবে পাৰে চোট॥
নাজানো তাক কোন বিধাতা গঢ়িলা।
হেনয় শৰীৰ গোট বিচিত্ৰ কৰিলা॥১৭
সহস্ৰেক ফণা মণি প্ৰকাশ কৰয়।
ৰবিৰ কিৰণ যেন চাহন নজায়॥