পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৯ ]

গাৱৰ দৃপিতি চিত্ৰ বিচিত্ৰ কৰিলা।
ৰত্নময় হীৰা মণি বাখৰে গঢ়িলা॥১৮
পৃথিবী ভিতৰে যত ৰূপসি আচয়।
সবাহাতে চাৰ ইটো মোৰ মনে লয়॥
হাজাৰেক মুখে কাল বিশ বহে চানি।
প্ৰচণ্ড প্ৰতাপ আৰ মনক নজানি॥১৯
তৰঙ্গিণী জিনি চক্ষু চাহন নজায়।
মুহুৰ্ত্তেকে মাৰিলেক আমাৰ চাৰি ভায়॥
কালৰ মায়াক কোনে বুজিবাক পাৰে।
সিও বৈশ্য ভৈলা আবে আমা সৱাকাৰে॥২০
যেন মেৰু পৰ্ব্বত ৰহিয়া আছে এথা।
আস্তিকক আনিবাক কহিবোহো কথা॥
এহিমনে গুনি ৰাজা মাতিবে লাগিলা।
অবনত ভাবে চাৰি ভাতৃও শুনিলা॥২১
বদতি নৃপতি পুণ্ডৰীক নাগ ৰাজ।
তোমাক আনিয়া আছো শুনা যিবা কাজ॥
আমি বনবাসী ফল মুলেসে আহাৰ।
মহাসুখে আছো আবে প্ৰসাদে তোমাৰ॥২২
যেন আপুনাৰ ৰাজা কৰিছো নিবাস।
ইটো কথা আমাৰ নাহিকে কিছু ভাস॥