পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭ ]

একদিন মহাৰাজ কুন্তীৰ তনয়।
ভীমক সম্বোধি হেন বচন বোলয়॥
শুনা বৃকোদৰ মোৰ বাক্য মনে ধৰ।
পূণ্য থান ভবৰ্ণব বন, মুখ্যত্তৰ॥৯
দুখ সুখ আত লভি আছো যত যত।
এক নমানোহো ধৰ্ম্ম হৈ আছে বেকত॥
কিন্তু পুন্য, খান মহন্তক দৰশন।
ইহাক মানোহো বাপু পৰম, শোভন॥১০
মহামুনি আস্তিক বৈষ্ণব শ্ৰেষ্ঠত্তৰ।
তাক দৰিশন হৈবে লাগয় সত্তৰ॥
কিমতে তাহাক আমি দেখিবাক পাও।
কিবা বুদ্ধি আছে বাপু তোমাত বিনাও॥১১
জলৰ, ভিতৰে, আছে ব্ৰহ্মক সমাধি।
কিমতে আনিব পাৰি ব্ৰহ্মতত্ত্ব বাধি॥
বৈশম্পায়ন বদতি শুনিয়ো নৃপবৰ।
হেন শুনি ভীমবীৰে দিলেক উত্তব॥১২
শুনা মহাৰাজ ধৰ্ম্মময় কলেবৰ।
ইহাৰ উপায় আবে কৰিবো সত্তৰ॥
মাতিলন্ত দুই গোট নাগৰ দূতক।
শ্ৰীঘ্ৰে যাই জানা আবে পুণ্ডৰি নাগক॥