এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৬ ]
অৰ্জ্জুনৰ আগে চলন্ত দ্ৰৌপদী
অতি সুকোমল কায়।
ইতিনি ভুবণে তেওঁৰ সদৃশ
ৰমণী সুন্দৰী নাই॥ ১৯৩
তাহান পাচত বীৰ ধনঞ্জয়
যেন মত্ত গজৰাজ।
হাতত গাণ্ডীব পিঠে ধনুটোন
খৰ্গ হৃদয়ৰ মাজ। ১৯৪
চাৰিদিশে ফুৰি মুণ্ডতুলি চাই
পাণ্ডবক ভেট পাইলা।
আথে বেথে গই ৰজাৰ আগত
প্ৰহৰীয়ে জান দিলা॥ ১৯৫
শুনা সুৰেশ্বৰ আমাৰ সমীপ
মনুষ্য আসি মিলিলা।
এহিবুলি সিটো ৰজাৰ আগত
আৰু কহিবাক লৈলা। ১৯৬
পাচোতা পৰম সুন্দৰ পুৰুষ
এগোটা সুন্দৰী নাৰী।
পৰম বিভূতি দেখিয়া তাহাৰ
ধৰিতে চিত্ত নপাৰি॥ ১৯৭