পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৪৫ ]


তুমি অগতিৰ গতি শুনিয়াছো নাম।
কহয় ভাৰতচন্দ্ৰে বোলা ৰাম ৰাম॥ ১৮৮

দুলড়ী।

নিগদতি মুনি শুনা আতপৰ
 পাচ কথা বিতোপন।
স্নান পান কৰি   ৰাজা যুধিষ্ঠিৰ
 কৰিলা পুনঃ গমন। ১৮৯
নদী তীৰ এৰি  পথ ধৰিলন্ত
 নিকুঞ্জ বনৰ ভিতি।
সেহি সময়ত  অপায় মিললা
 শুণিয়ো তাক সম্প্ৰতি॥১৯০
আগে ভীমসেন  চলে সিংহ যেন
 ঙ্কন্ধে গদা ভয়ঙ্কৰ।
হাতে খৰ্গ ধৰি  চলে সেহি বীৰ
 দেখিতে ভয় লোকৰ॥ ১৯১
তাহান পাচত  চলে ধীৰে ধীৰে
 যুধিষ্ঠিৰ মহীপতি।
নকুল সহদেৱ  দুহান চলয়
 ধনুৰ্ব্বান ধৰি আতি॥ ১৯২