এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৭ ]
শুনি কালকুঞ্জে আথে বেথে উঠি
শোষকত কথা কয়।
পুৰুষ সবক ভক্ষণ কৰিয়া
আনিবে নাৰী লাগয়॥ ১৯৮
এহিমতে সিতো মনত হৰিসে
চলিবে মন কৰিলা।
হৃষ্টপুষ্ট কৈৰ মনুষ্য আসিয়া
আমাৰ স্থানে মিলিলা। ১৯৯
এহি শুনি পাচে হাস্য কৰি যাই
কতোক্ষণে ভেট পাইলা।
চাৰি দণ্ডমান বেলাৰ শথক
মুখখান মেলি দিলা॥ ২০০
ভীমৰ গাৱত কামোৰ ভেদিয়া
হুম্পিলেক বৰ ৰাগে।
মহা আৰ্ত্তৰাবে আটা সেক দিয়া
পৰিলা ৰাজাৰ আগে॥ ২০১
দেখি নৰনাথে আথে বেথে কৰি
ভীমক সাবতি ধৰি।
কি ভৈলা বুলিয়া মুখক চাহিয়া
মাতে বৰ টান কৰি॥ ২০২