পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৪২]

অস্তাগত দিবাকৰ ৰহিলা তথাত॥
পত্ৰগৃহ সাজি ৰাজা ৰহিলা তথাত॥
চাৰি ভাই চাৰিভিতি আবৰি ধৰিলা।
খানিতেক মান ৰাজা তাহত শুইলা॥ ১৭৩
জাগিয়া উঠিলা ৰাজা কৃষ্ণ কৃষ্ণস্মৰি।
পাচে ভীমসেনক মাতিলা অল্প কৰি॥
বদতি নৃপতি বাপু শুনা বৃকোদৰ।
ভ্ৰমিয়া ফুৰোহোঁ আমি ক্ষেত্ৰ নিৰন্তৰ॥ ১৭৪
অসংখ্যাত মহা মহা ঋষিগণ যত।
তাসম্বাক চাহি আমি ফুৰোহোঁ সতত॥
অগস্তিৰ স্থানক যাইবাৰ ভৈলা মন।
কতবা দিনৰ পন্থ পৰম গহন॥ ১৭৫
মোৰ গাৱে উতপাত কিসক কৰয়।
অসুখ অশান্তি অম্লপানী নুৰুচয়॥
ভবাৰ্ণব বনে যেন মৰণ মিলিলা।
সেহিমত ভাবে মোৰ সবেও ফলিলা॥ ১৭৬
হেন শুনি ভীমসেনে বুলিলা বচন।
কৰ্ম্মক গুছাইবে দাদা পাৰে কোনজন॥
যেেহি লিখি আছে দাদা ললাতে আমাৰ।
সেহি হব আত কিছু নাহি প্ৰতিকাৰ॥ ১১৭৭