পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৪১]

দেখা জন্মিজয় কেনে মায়া ঈশ্বৰৰ।
ম্লেচ্ছসেনা থাকে হেন দেখি দামোদৰ॥
পাণ্ডবক পন্থ হেৰুৱাই দুখ দিলা।
দ্ৰৌপদীৰ হাতে পাচে তাহাক মাৰিলা॥ ১৬৮
শুনি পৰীক্ষিত সুতে মুণিত পোচন্ত।
কিমতে দ্ৰৌপদী ম্লেচ্ছসেনা মাৰিলন্ত॥
আৰ কেনমতে পাঞ্চবীৰক হিংসিলা।
কেনমতে দ্ৰৌপদীয়ে তাহাক মাৰিলা॥ ১৬৯
কহিয়োক মমআগে কথা নিৰন্তৰ।
হেনকথা শুনি মুনি দিলেক উত্তৰ॥
শুনিয়োক ৰাজা ইতো কথাৰ নিশ্চয়।
তোমাৰ মনৰ ইতো গুছাওঁ সংশয়॥ ১৭০
যুধিষ্ঠিৰ ৰাজা পাচে পন্থক পাহৰি।
পশ্চিমক মনে ৰাজা যাই পন্থ ধৰি॥
সৌবীৰ এৰাই ম্লেচ্ছ দেশ সমীপত।
গধুলিকা বেলা যাই মিলিল তহিত॥ ১৭১
দশদণ্ডমান পথ ম্লেচ্ছ দেশ হৈতে।
তথা বিমঙ্গল দেখিলন্ত অপৰ্য্যন্তে॥
হালধি ৰুধিৰ বৃষ্টি কৰিলা তহিত।
পঞ্চভাই পাণ্ডৱৰ মৃত্যু সন্নিকট॥ ১৭২