এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১৩১]
মহন্ত পাণ্ডবগণ ভকত একান্ত।
জ্ঞানশীল ধৰ্ম্মৰাজ পৰম মহন্ত॥
যাহাক ৰাখিয়া হৰি ফুৰে অনুক্ষণ।
তাহাক মানুষ বোলে কোন মূঢ়জন॥ ৬১২
হেন জানি তুমি সব আক এতিক্ষণ।
ক্ষণিতেকে তাসম্বাক পাইবা দৰিশণ॥
বৈশম্পায়ন বদতি শুনিয়ো জন্মিজয়।
ব্ৰহ্মময় ঋষি সিটো সকলো জানয়॥ ৬১৩
জগতৰে থিতি তিনি জানে মুনিবৰ।
ব্ৰহ্মাৰ নাহিকে জানা বাহিৰ ভিতৰ॥
আজন্ম প্ৰভৃতি পাণ্ডবৰ জন্ম কৈলা।
ঈশ্বৰ অংশ যেন ইহাক জানিলা॥ ৬১৪
দেখা কেন বৈষ্ণবৰ পৰম মহত্ত।
মনুষ্য শৰীৰে বেক্ত হোৱে বৈকুণ্ঠত॥
এহিসে আচৰ্য্য ইটে। জানা মহীপতি।
পাণ্ডবৰ যশৰাশি বহিবে সম্প্ৰতি॥ ৬১৫
হেন জানি বুদ্ধজন তেজি আন মন।
তাসম্বাৰ চৰিত্ৰক কৰিও শ্ৰবন॥
হৈবে শুদ্ধ দেহ লভিবাহা ৰাজ্যভাৰ।
সুদ্ধকীৰ্ত্তি যশ ৰহিবেক তোমাৰ॥৬১৬