পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৩২ ]


শুনা সভাসদ বনপৰ্ব্ব কথা সাৰ।
ৰহস্যৰো ৰহস্য নাহিকে আতপৰ॥
গুছে ভবভয় পাৱে পৰম মুকুতি।
সফল সাস্ত্ৰৰ ইতো পৰম যুকুতি॥ ৬১৭
এক মন কৰি ভজা দৈবকী নন্দন।
তাহাৰ কৃপাত হৈব সংসাৰ মোচন॥
কহয় ভাৰতচন্দ্ৰে এহি মুলকাম।
পতেক চাৰোক ডাকি বোলা ৰাম ৰাম॥৬১৮

⸻⸻

ছবি

অনন্তৰে মহাৰাজা  কুন্তীসুত যুধিষ্ঠিৰ
 চাৰিদিশ চাহি চলি যায়।
শুক্ল কটিকৰ সিটো  ভূমিখান বান্ধি আছে
 পদুলি চৌপন্থ বান্ধিছয়॥
পদ্মৰ মাজত জানা  লক্ষ্মীৰ মন্দিৰে আছে
 যেন চন্দ্ৰ মণ্ডলৰ কান্তি।
সুবৰ্ণৰ পদ্মগণ  গৃহক আবৰি আছে
 সাৰি সাৰি ধৰি আতি পান্তি॥৬১৯