পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৩ ]

মহামায়া আসি যজ্ঞমণ্ডপত থিত।
মহাযুদ্ধ কৰি দেবী মাৰিলা তহিত॥
আনৰ কিবল শক্তি ইমান হোৱয়।
সামান্য নাৰীয়ে তাক দেখিলে মৰয়॥৬০৭
হেনয় সবাক মাৰি আছে বৰ নাৰী।
তাকনো মানুষী বুলিবেক কেন কৰি॥
কতিপয় দিনে আসে থানক আমাৰ।
আজি তাক দৰশন হৈবো সাৰে সাৰ॥৬০৮
ব্ৰহ্মচন্দ্ৰ বোলে দেৱ মনুষ্য-শকতি।
কেন মতে ইটো থানে কৰিবেক গতি॥
লক্ষীৰ গোৱালি থান দেবৰ নিৰ্ম্মাণ।
দেবতাৰ অগম্য নাহিকে পৰিমাণ॥৬০৯
মানুষ পাণ্ডব কেনে ইহাত পশিব।
আৰু নাৰী সঙ্গে তাক কেনে পাৰ হৈব॥
ঋষিয়ে বোলন্ত গুণা ৰাজা মহাশয়।
ঈশ্বৰৰ অংশ পাঞ্চ পাণ্ডুৰ তনয়॥ ৬১০
অযোনীত জাত শুদ্ধ যজ্ঞমণ্ডপত।
বিশেষত মহামায়া ভৈলা উপগত॥
চৰণত চৰাচৰ তাহান পালন।
ইহাক আসিব সিটো আপোনাৰ বন॥৬১১