এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১২৩ ]
পৰ্ব্বত আকাৰ দেহা আঙ্গাৰৰ বৰ্ণ।
দেখি শ্ৰুতি হৰে আতি দুইখান কৰ্ণ॥
শালবৃক্ষ সম দুই খান বাহু তাৰ।
চক্ষু দেখি লাগে ভয় অগ্নি সমসৰ॥ ৫৭২
মহা ভয়ানক বেশে সুতিয়া আছয়।
মৃগ মাৰি ফুৰে দুয়ো মাদৃৰ তনয়॥
অকম্মাতে যক্ষক দেখিলা দুয়ো ভাই।
যেন গিৰি গোট বহি তথাতে আছয়॥ ৫৭৩
দেখি দুই বীৰে পাচে সঙ্কুচিত মনে।
ধনুতুলি ধৰি শৰ যুৰিলা তেখনে।
দেখিয়া যক্ষৰ আতি ক্ৰোধজলি গৈলা।
কোনতই বুলি পাচে সুধিবাক লৈলা॥ ৫৭৪
ইটোমোৰ বনে কোন ফুৰা ধনু ধৰি।
আজি আমি তোহোক ভুঞ্জিবো নিষ্ঠ কৰি।
জন্ম বংশ গোত্ৰ তোৰ কহিয়ো সত্তৰ।
কিবা হেতু ফুৰা ইটো বনৰ ভিতৰ॥ ৫৭৫
মনুষ্য খাইবাৰ মোৰ ইচ্ছা হুয়াছই।
তোমাৰ দুহাঙ্ক দেখি আনন্দ মিলয়॥
হেন শুনি সহদেবে দিল সমিধান।
শুনৰে অসুৰ কহো আমাৰ প্ৰমান॥ ৫৭