পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১২২ ]

এৰাইলা দূৰ্গতি সব ছয়োজনে আতি।
অনন্তৰে আসি পুনু পুহাইল ৰাতি॥
উঠিয়া পৰিলা পাচে কুষ্ণ নাম স্মৰি।
স্নানি পান তৰ্পণ কৰিৰে মন কৰি।. ৫৬৭
পাচে সোনাকাঞ্চি নদী দেখি লণ্ড যাই।
পৰম গহন অতি তাৰ তীৰ পাই॥
প্ৰচণ্ড প্ৰতাপ নদী পৰে সাগৰত।
বোলে আমি হিববাহো ইহাৰ তীৰত॥ ৫৬৮
এহি বুলি স্নান পান অৰ্পণ কৰিলা।
দেৱ পিতৃ অৰ্চ্ছা কৰি তীৰত উঠিলা॥
পাছে তাৰ তীৰে তীৰ কৰিলা গমন।
দুই তিনি চাৰি দিন থাকে ৰঙ্গ মন॥ ৫৬৯
কতোদিন যান্তে এক অপায় মিলিলা।
নদী তীৰে গৃহ কৰি নৃপতি ৰহিলা॥
নকুল সহদেৱ দুই মৃগ মাৰিবাৰ।
নকুল সহদেব দুয়ো ভৈলা আগুলাৰ॥ ৫৭
অঙ্কুশিৰা নামে এক যক্ষ দুৰাসয়।
কুশক বনৰ সিতো অধিকাৰী হয়॥
সিংহ বাঘ মনুষ্য দেৱতা নাগচয়।
তাহাৰ ভয়ত সিতো বনে নপশয়॥৫৭১