পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১২৪ ]


পাণ্ডুবংশে ৰাজা যুধিষ্ঠিৰ বাৰ নাম।
তাহাৰ কনিষ্ঠ আমি দুই অনুপাম।
আমা সাত শ্ৰেষ্ঠ আছে আৰ দুই ভাই।
ভীম ধনঞ্জয় বলে যাৰ সম নাই॥৫৭৭
সোনকাঞ্চি নদী তীৰে আচন্ত নৃপতি।
আমি দুই আইলো মৃগ মাৰিবাক প্ৰতি॥
হেনশুনি অঙ্গুশিৰা মনে ৰঙ্গ বৰ।
পাঞ্চ মানুষক আকি ভুঞ্জিবো সত্তৰ॥৫৭৮
ইহাক খাহন্তে সিতো তিনি পলাই যাই।
মোহোৰ হাতত সাৰিবেক কোন ঠাই॥
বলাই ঘটাই বিধাতায়ে আনি দিলা।
কষ্টপুস্ত মানুষক আহাৰ মিলাইলা॥৫৭৯
ঋষিয়ে বোলন্ত শুনা ৰাজা জন্মেঞ্জয়।
পাণ্ডবৰ মহিমাক বক্ষে নজানয়॥
যেন কাল সৰ্পক মুগুধ কোন নৰে।
জৰি বুলি তাহাক ধৰিবে যত্ন কৰে॥৫৮০
সেহিমতে যক্ষ মন কৰি পণ্ডিবক।
ধৰিবাক মনে আতি চান্ত নকুলক॥
তোমাসাক কহো কথা শুনিয়োক সাৰ।
মোৰ বনে আসাতই মৃগ মাৰি বাৰ॥৫৮১