পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১১৬ ]

কালমুৰি সৰে তাইক বিনাশিলো
 মাধৱৰ প্ৰসাদত।
তাইৰ বধ শুনি আসিলেক খঙ্গে
  কাল কুঞ্জ দুস্ত চিত্ত॥৫৩৮
মহা পৰাক্ৰমে ঘোৰ শৰ হানি
 তাহাক কৰিলো চন্ন।
আমাক চাহিতে ওচৰ চাপিল
 ইন্দ্ৰ আদি দেৱগণ॥৫৩১
বৰ লৈবে লাগি আমাক বুলিলা
 খুজিলোহো এহি বৰ।
পিশাচে খাইবাৰ স্বামী যে আমাৰ
 জীৱন হৌক সত্তৰ॥৫৪
পাছে তোমাসাক  জীয়ালে আসিয়া
 অশ্বিনী কুমাৰ দুই।
এতেকেসে জানো   তুমি সব জীলা
 পৰম আনন্দ হুই॥৫৪১
হেন দেখি সবে দেবগণ গৈলা
 হৈল কাৰ্য্য সুশোভন।
দেৱ কাৰ্য্য সাধি তোমাৰ সবৰ
 সাম্ফল ভৈলা জীৱন॥৫৪২