পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১১৫ ]

মেথী নামে তাৰ ধৰণী আছয়
 মায়াত অতি দুৰ্ব্বাৰ।
তাইৰ তলত সৈন্য আছিলেক
 প্ৰথম লক্ষ হাজাৰ॥৫৩৩
শিলাদলি হানি আমাক ঢাকিলে
 গায় দেখি লাগে ভয়।
তাহাৰ প্ৰহাৰে আমাৰ শৰীৰে
 মহা পিৰা লাগি চয়॥৫৩৪
নাৰায়ণ শৰে দেবৰ বচনে
 বিনাশন্ত নিৰন্তৰ।
মেথী পিশাচীয়ে আমাক খাইবাক
 চাপিলা আসি ওচৰ॥৫৩৫
ধনু তুলি ধৰি দিলো এক কোব
 মায়া যে মৰিলা তাই।
কতোবেলি মোৰ গৰ্ভত পশিলা
 তেজ মাংস হাৰা খাই॥৫৩৬
চক্ৰ ধৰি হৰি তাহাত আমাক
 ৰাখিলন্ত কৃপাময়।
পেটৰ বজায় বাঢ়িবে লাগিলা
 তিনিও লোক গিলয়॥৫৩৭