পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১১৭ ]

শুনা সভাসদ হুয়া নিসবদ
 পুণ্য কথা বিতোপন।
আপদ দুৰ্গতি সবে নষ্ট হয়
 ইহাক কৰি শ্ৰৱণ॥৫৪৩
বোলন্ত ভাৰতে পৰম ৰহস্য
 আক শুনি সুখ পায়।
দ্বৈপায়ণ মুনি বৈশন পায়নক
 আপুনি আছে বঢ়াই॥৫৪৪
মাৰ্কণ্ডেয় ঋষি ধৰ্ম্ম পক্ষি আগে
 ইহাক কহি আচন্ত।
জন্মেজয় আগে ভাৰ্গে কহিলন্ত
 প্ৰচাৰ আবে ভৈলন্ত॥৫৪৫
হেন জানি সবে মহন্ত সকলে
 মোক নিন্দা নকৰিও।
ইহকালে হিত পৰকালে বিত্ত
 সংসাৰ সাগৰ নাও॥৫৪৬
নাহি ভয় লেশ ঢৌউ দৃষ্ট হয়
 নিৰ্ভয় মনে ফুৰয়।
আপদ বিঘিনী সবে দূৰ হয়
  কালেও থাকে দৰায়॥৫৪৭