দ্বিতীয় অঞ্চ-২য় দৃশ্য। কামৰূপ মেঘ যেন, গহীন সি মােহন গমন-বিলাস ; তাৰ লগে লগে সেই মৈৰাচালি যেন ৰােৱা থমকি থমকি! সশঙ্কিত বন-হরিণীৰ পিছলই চোৱা যেন, ককৰ মউ-অগ্নিবাণ ; তৃতীয়াৰ জোন, নতু মােৰ ধনু যেন, পাৰ্বতীৰ অপার্থিব সেই জ্ব-যুগল ! তিলফুল জিনা সেই নাকৰ পাহিটি, অধৰৰ হিয়া দেৱা বিচঞ্চল ৰাগ ; দিগ্বিজয়ী যৌৱনৰ শুভ্র স্তন্তৰূপে তুষাৰ-কোমল দুটি শৃঙ্গ নবােন্নত । নিতম্বত মােৰ পুণ্য আকুল শয়ান, শুলে যত ৰঙতেই নধৰে টোপনি ! ৰামকল যেন উৰু দুটি, খােজেপতি ইটিয়ে নাটক ঠেলি যায় আগবাঢ়ি ! অ-হা! আহা! কি সুন্দৰ। কি সুন্দৰ কথা ! হেৰা ৰতি ! আৰু কি লাগিছে মদনক? ৰতি-বুজিছে সকলাে; কিন্তু চোৱা, কোন সেই মহাযােগী; বাসনাৰ ৰ যাৰ নাই ; কামনাক পুৰি ছাই কৰি যি পুরুষে জন্ম ললে সানি মূৰে-গায় ; ত্রিকালৰ তিনি মূর্তি ত্রিশূল ৰূপে যাৰ সদা সেৱক-সাৰথি ; বাকীৰ শত সৈতে ফণা ধৰি যাৰ মাখে। ঘােষিছে মহিমা ;
পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৩৪
অৱয়ব