পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কামৰূপ [ দ্বিতীয় অঙ্ক-২য় দৃশ্য কামৰ অগনি। দেখিছা সকলে নিজে। সৃষ্টিকর্তা ব্রহ্মাই নিজেও যাৰ এনে কুসুমিত আঘাতৰ মহত্ত্ব মানিলে ; ভুবন-বিজয়ী সেই ধনুখনি লই, কোৱানে কি, হম মই ভগ্নমনােৰথ ? ৰতি—আপােনাৰ মনেই মঙ্গল। এতিয়াও যদি ভাব। নাই অমঙ্গল, কৰা তেন্তে উচিত যি হয়; নােপজাও বাধা ভাত। মদন-অমঙ্গল। কিয় কোৱা অমল বুলি ? আজিয়েই মদনৰ ক্ষুদ্ৰ জীৱনত মঙ্গলৰ প্ৰথম সুচনা ! চোৱা তুমি, যদি হৰ-পার্বতী দাম্পত্য প্ৰেমৰ সূত্রপাত দিব পাৰে কৰি, তাৰ ফলে শঙ্কৰৰ ঔৰসৰ প্রথম সন্তানে তাৰকাৰৰ বংশ কৰি কয়পাত উদ্ধাৰিব অচিৰেই দেৱতাৰ কুল। কি মহা মঙ্গল তেনে হব, সংঘটিত ! আৰু চোৱা, ইয়াৰেই কাৰণে কতনন। সৰগী সুযােগ আহি মিলিছে আপুনি ! অলপতে ফুল তুলি সখীসকলেৰে পার্বতী বাহিৰ কান পিনে, মহেশৰ সেৱাৰ কাৰণে ;-মেয়ে যে মুঠিত মােৰ হব আহি পান পাত চোকা ফুলশ! আষাঢ় মাতে উঠা এচমকা