দ্বিতীয় অ—২য় দৃশ্য। কামৰূপ তেও বাৰু হিয়া মােৰ আগৰ নিচিনা’ কিয় আজি নাচি উঠা নাই। এই বই কোকিলৰ নৱীন কাকলি, শ্ৰৱণত পৰিছে আকউ ; বিব, বিব, মলয়াই অন্তৰৰ আবেগ-অগনি বিচি বিচি জলায় পুনৰ ; তেও বাৰু কিয়, ৰতি। হাতৰ ফুলাম ধনু ৰব খােজা নাই আঙ্গি মােৰ শিথিল হাতত ? শুইনেদি কোনােবাই কই যায় যেন-অ' মদন ! নিদিবি নিদিবি জাপ জ্বলন্ত অগিত! ৰতি–পাৰিছে। বুজি , নাথ ! তােমাৰ ই হেন বিপৰীত ভাবৰ কাৰণ। মহাযােগী মহেশ্বৰ বহিছে তপত। কি মধু। সৌম্য মূর্তি ! কেনে মুমহান। বৃষ্টি স্থিতি যা বলে পলকতে চায় এলয় ; কাম যাৰ চৰণ-তলত; সিজনৰ -- সিজনৰ গাত তুমি কোন সাহসেৰে হানি দিবা কুসুম আঘাত। তাৰে বাবে মনত তােমাৰ এনে স্মিছে বিকাৰ। মদন-মানিছে। তােমাৰ যুক্তি, অতি প্রিয়তমা ! সেই বুলি, কর্তব্যত আগুৱাই মই পৰায়ুৰ নহম পুনৰ। চোৱা, ৰতি ! এইখন আৰু এই হাতেৰেই কত শত জনৰ হিয়াত দিলে। খালি,
পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৩২
অৱয়ব