পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাপ [ দ্বিতীয় অঙ্ক-১ম দৃশ্য পশু-পী, তৃণ-তলতা। উজ্জ্বল বসন্তৰ প্ৰেৰণাক নিদিব। আশ্রয় । নন্দী ওলাই যায়। তাৰ অলপৰ পিছতে আন ব পার্বতী আৰু অয়া-বিজয়া সােমাই আহে। পার্বতী—দেখিছ। নে, সৰীহঁত! বােলে। এইপিনে মন কৰাচোন ; কালি আমি সিমানকৈ পানী সিচি সিচি কথমপি জীয়াই থৈ যােৱা সৌ ফুলজুপি আজি কেনেকৈ ফুলি আছে ! ‘জয়া—এৰা; নুফুলিব নো কিয় ? আমাৰ পাৰ্বতীৰ হাতে ৰােৱা ফুল হে তেও! পিছে ফেলে। তুমি যে ভৰি-তলুৱাৰ পৰা মূৰৰ চুলিলৈকে অগৰ পাৰিজাত ফুলৰ নিচিনাকৈ ফুলি আছা, এই কথা নকই হবলা? পার্বতী—থােৱ হেঁ; ভাল কথা কলে আকৌ তােমালােকে চুপতি কৰিবলৈ লাগা। (দুখােজমান আগবাঢ়ি গৈ) এ, আই! বিজয়া। মােৰে শপত, চোৱাচোন; গােটেইখন ফুলনি কেনেকৈ ফুলে-পাতে মজম হৈ আছে। কালি দেখি গৈছো, ফুলনি নিমাও-মাও ! আজি কেইদিন হল, পানী দি দি ভাগৰিলে।! তুমি ইমান মৰি-পৰি লাগি, ফুলাওঁ বুলি যদি কেলেই এপাহ ফুল ফুলাব পাৰিল। হেতেন। পিছে দেখােন আজি ফুলবােৰ আপুনিয়ে ফুলি ফুলনি উলহ-মালহ লগাইছে ! বিজয়া-গাটিহে গহীন, মনটিত আমাৰ সখী' দেখােন সদায়েই উৰিযাওঁ-পখিলা! তাতে আজি অকস্মাৎ নিমাতী চলনিখনি নিজৰে নিচিনা দীপলিপ, গাভৰুটা যেন