সমললৈ যাওক

পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিতীয় অঙ্ক-১ম দৃশ্য ] ৩য় অগৰা-সখি! চোৱা; সৌৱা কোন আহিব ধৰিছে ? খঙেৰে নলী বেগাই সােমাই আহে। নন্দী-সাৱধান, নর্তকীসকল ! কিয় বাৰু অনর্থক নৃত্যগীত গাই সকলােৱে অকালতে বসন্তক কৰি আৱাহন এইদৰে অমঙ্গল কৰিছা সুচনা মহেশৰ পুণ্য আশ্ৰমত ? যােৱ। গুচি সকলােটি ! ইতো নােহে বিলাস কানন ! এগৰাসকল লাহে লাহে ওলাই যায়। নন্দী ইফালে সিফালে চাই আচৰিত হয়। কিনাে কথা বােলে ! সচাকৈয়ে বই বই বলিছে চঞ্চল বায়ু নৱ বসন্তৰ ! শিয়ৰি উঠিছে তরুবন; মুৰিছে কাননৰ অশােক পলাশ! ফুলে ফুলে তোমােৰ গান ; গছে গছে আম-মল ; কুঞ্জে কুঞ্জে বসন্তৰ অযুত পখীয়ে ধৰে কি যে সম্মােহন মুৰ! কোকিল কণ্ঠস্বৰ শুনি দাকে মদনে প্রাণত !! বুজিছো, বুজিছো; সৱাৰে গুৰিতে আছে কাৰাবাৰ কিবা এটি গুপ্ত অভিপ্রায়, অকালতে বসন্তক মাতি আনি কোনে কৰিছেহি আশ্ৰমত মধু সমাগম। সাবান, শ্ৰমৰ যত অধিবাসী ২৪