পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰথম অঙ্ক—৪ৰ্থ দৃশ্য]
কামৰূপ
 

 গায়কসকলে গালে গীত সুললিত,
 কানন-কুঁৱৰী সৱে পিন্ধিলে কাচোন।
 সাৰ পাই উঠি যেন বন-দেৱতাই
 দেখে হঠাতেই নিজ যৌৱন-উন্মেষ।
ৰতি—অতি সুশোভন আজি বসন্তৰ হাট!
 কিন্তু, হেৰা নাথ! মাতি আনি দিয়া মোক
 ঋতুৰাজ বসন্তৰ কটকীসকল।
 আৰু কোৱাঁ, ক’তনো তোমাৰ পঞ্চবাণ?
 গীত
 কুলি—কু-উ কু-উ, কু-উ কু-উ;
  কু-উ কু-উ কু!
 আহিছে মাধৱী, আহাঁ।
 সখী কেতেকু!!
 ওলাই যায়।
কেতকী—অ’ মই কেতেকী!
 অ’ মই কেতেকী!
 ঋতুৰাজে পঠায় আমাক
 গায়ক কটকী!
 ওলাই যায়।
হেঁতুলুকা—মই হেঁতুলুক!!
ফেঁচু—মই ফেঁচুলুক!!
দুয়ো—আমি গাওঁ, আমি নাচোঁ;
 প্ৰেমে ভৰা বুকু!!
 ওলাই যায়।
টিপটি—মই টিপচি!!
 মই টিপচি!

১৮