পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চতুৰ্থ দৃশ্য

বসন্তৰ মেলা

ৰতি-মদনৰ গীত-নাচ

ৰতি—ফুলে-পাতে, বাটে-ঘাটে
 নতুন মুখ নতুন মেলা।
মদন—আঁহা, সখি! তাতে বহি
 পাতোঁ আমিও প্ৰণয়-খলো।
ৰতি—আকুল সুৰে বাজে হৃদয়-বীণ-
মদন—ৰূপে-ৰসে গীতে-গোন্ধে
 জগত উদাসীন!!
দুয়ো—(কোনে) এনে সুখৰ উছৱ কটায়
 কৰি মিছা অৱহেলা!!
ৰতি—চৰাইৰ মাতে মদন ডাকে—
 ঘনাই বিহ্বল কৰে হিয়া।
মদন—ভোমোৰাৰো আকুল গীতত
 জগতখনেই মতলীয়া!!
ৰতি—এনে সুখৰ মিলন দিনা
মদন—আহাঁ চাপি জীৱন-বীণা!
দুয়ো—যাওঁ দুইও উটি উটি,
 প্ৰেমৰ সোঁতত পাৰি ভেলা।
মদন—সুশোভন। অতি সুশোভন আজি এই
 প্ৰিয় সখা বসন্তৰ সৌন্দৰ্য্যৰ হাট।
 তেওঁৰে আদেশ পাই আহিল মাধৱী,
 সমীৰণে চাৰিদিশে ঘোষিলে বাৰতা;

১৭