পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্রথম অঙ্ক-৩য় দৃশ্য ]
কামৰূপ
 


মাধৱী—অতি সজ কথা তেনে, প্ৰিয়! পিছে জানো
 সমীৰৰ কাষলই পঠালা বাতৰি?
বসন্ত—সৌৱা চোৱাঁ এইফালে আহে সমীৰণ।
ফিৰফিৰীয়া পাতল পাটৰ সাজ পিন্ধি সমীৰণ সোমাই আহে।
 বুজিছা নহয় তুমি কৰ্ত্তব্য তোমাৰ?
 যোৱাঁ তেন্তে, আগমনী গোৱাঁ বসন্ৰত।
 দেখিলে তোমাক যোৱা গছ-লতাবোৰে
 নৱ সাজ পিন্ধিব পুনৰ; কলিবোৰে,
 তুমি গলে, পেলাব মিচিকি হাঁহি মাৰি।
 তোমাৰ লগত যাব প্ৰিয় সঙ্গী মোৰ
 কোকিল কেতেকী আদি বিবিধ গায়ক;
 সকলোৰে সঙ্গমত আশ্ৰমবাসীয়ে
 উছৱৰ পাব পৰিচয়। তুমি গই
 এইদৰে উচটাই দিবা সকলোকে,
 কামে যেন মহেশকো বিন্ধে ততালিকে।
সমীৰ—আহিছোঁ শীতল মই উন্মাদনা সানি;
 মাধৱী বসন্ত দুয়ো আহাঁ পিছে পিছে।
    ওলাই যায়।
বসন্ত—অভিনৱ! অভিনৱ এই আয়োজন!!
 সৃষ্টি-পাতনিৰে পৰা হোৱা নাই এনে
 বসন্তৰ অপূৰ্ব্ব সন্তোগ! লিখা ৰব
 ই কাহিনী, প্ৰকৃতিৰ অমূল্য গ্ৰন্থত!
    দুয়ো ওলাই যায়