পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 আৰু তাতে চল চাই, চোকা শৰ হানি
 মিলন-আকুল প্ৰাণ কৰিবা দুইকো।
মদন—উত্তম ব্যৱস্থা এয়ে। নাৰদৰ উপদেশে'
 উমা যদি পাৰে হব আশ্ৰম-সেৱিকা,
 আৰু কি লাগিছে মোক! ততালিকে
 অকাল বসন্ত মই কৰিম সূচনা।
 গছে গছে ফুলে ফুলে ব’ব ৰই ৰই
 মাধৱীৰ মৃদুল হিল্লোল; কাননত
 কোকিলৰ কণ্ঠস্বৰ শুনি, মহেশৰ
 পৰাণতো দাকিব মদনে! সাজু হই
 থাকি মই, ইন্দ্ৰৰ বজ্ৰতো’ সুকঠোৰ
 অব্যৰ্থ কুসুম-শৰ এৰিম তেতিয়া।
 মাগিলোঁ মেলানি, স্বৰ্গৰাজ। আপোনাৰ
 প্ৰতিজ্ঞা নাপালি মই নাহিম উলটি।
ইন্দ্ৰ—যোৱাঁ, তুমি জয়যুক্ত হোৱাঁ, ৰতিপতি!
   পুনৰ সেৱা জনাই মদন ওলাই যায়।
 জিলিঙনি দেখিছোঁ আশাৰ! এতিয়াও
 হোৱা নাই অমিত ইন্দ্ৰৰ প্ৰভাৱ!
 দেৱতাসকল, যোৱাঁ সৱে ঘৰঘৰি;
 খন্তেক জিৰাওঁ ময়ো শান্তিৰ মোহত।
  সকলো দিহিদিহি যায়।