পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 সবাওটি মিলি, ৰঙমনে আছেগই
 তাৰক-পুৰীত, পৰিহাস কৰি কৰি
 দেৱতাৰ এনে হীন ভাগ্য-বিপৰ্য্যয়!
মদন—কিনো উপায়েৰে, স্বৰ্গৰাজ! হৰক বিন্ধিলে
 ফুলশৰে, দেৱতাৰ পৱিত্ৰ মঙ্গল।
 পাৰে বাৰু মোৰপৰা হব সঙ্ঘটিত?
ইন্দ্ৰ—শুনি যোৱা, পঞ্চশৰ! তাকো মোৰ মুখে।
 অমৰণ বৰ তাক দিছিল ব্ৰহ্মাই;
 কিন্তু সেই ব্ৰহ্মায়ে এতিয়া, সাপ হই
 দংশি মোক, উদ্ধাৰিব খোজে বৈদ্যৰূপে;
 শঙ্কৰৰ ঔৰসৰ এটি সন্তানেহে
 তাৰক বধিব পাৰিব, এই বাৰ্ত্তা
 দিছে মোক কই। আনফালে, আছে সেই
 মহেশৰ যোগ্যা কন্যা হিমাদ্ৰি তনয়া,
 যাৰ ৰূপ-গৰিমা অতুল; তেৱোঁ আজি
 প্ৰথমৰ যৌৱনৰ দুৱাৰ দলিত!
 তেওঁৰেই সেন্দূৰীয়া প্ৰেমৰ পদূলি
 সজাব লাগিব তুমি সুশোভন কৰি
 মহেশৰ প্ৰণয়ৰ বাবে। ইফালেদি
 গইছে নাৰদ; হিমাদ্ৰিক কই তেওঁ
 মহেশাশ্ৰমত, পাতি দিব পাৰ্ব্বতীক
 শঙ্কৰৰ চৰণ-সেৱিকা৷ আন পিনে
 সমীৰ বসন্ত আদি লগৰীক লই
 পাতি দিবা তাতে গই মাধৱীৰ মেলা;