পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দ্বিতীয় দৃশ্য

ঔষধিপ্ৰস্থত ৰজাৰ কাৰেঙ্

গহীন ওখ শিলা আসনত হিমালয় আৰু মেনকা বহি কথা হৈছে।
 হিমালয়ৰ আকাশ ছোয়া কুল কিৰীটিত পুৱাৰ প্ৰথম
  ৰদ-চেৰেঙা পৰি তিৰবিৰাইছে।

হিম—পৰম তপস্যা বলে' পালোঁ আমি, প্ৰিয়ে!
 জীৱন-ৰতন এই তনয়া-প্ৰতিমা।
 সাঁচি থোৱা পাপ-পুণ্য সিটো জনমৰ,
 সুকৃতি-দুস্কৃতি যত পূৰ্ব্ব সাধনাৰ
 নিশ্চয় সকলো মিলে এই জীৱনত;
 সেই অনুসাৰে দিয়ে ভাগ্যই বিলাই
 হাঁহি-অশ্ৰু জীৱন-পথত। পিছে, ৰাণি’
 যৌৱন-সূৰ্য্যৰ নৱ কিৰণ-নিৰ্ম্মলি
 পাৰ্ব্বতীৰ পৰিছে শিৰত; সেইদেখি
 দিঠকতে সপোনৰ মোৰ; পশু-পখী, তৰু-
 লতা সকলোৰে মাজে, উঠিছে শিয়ঁৰি
 প্ৰাণময় প্ৰেমৰ মূৰতি; সৰ্ব্বময়
 বিৰিঙি পৰিছে নৱ যৌৱন আভাস।
মেনকা—বুজিছোঁ সকলো, নাথ। নুমলীয়া
 গৌৰী মোৰ ভৰি দিছে নৱ যৌৱনত।
 কিন্তু, নাথ! কন্যাৰ কাৰণে বাৰু মোৰ
 যোগ্য বৰ ক’ত স্থিৰ হল? কেতিয়াই
 কলোঁ মই! দিলে জানো কিবা মন-কাণ?

১০