পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
 

তেওঁৰ লগত কথা কৈছিল, সেই জন তেওঁৰ পিতৃ। কামিনীকান্তৰ পৰিচয় পাঠক আগেয়ে পাইছা। তেন্তে কামিনীকান্ত তাত কিয় আছে? তেওঁৰ পিতৃএ বা তেওঁৰ লগত কিয় এনেকৈ কথা কৈছে? কাৰণ কামিনীকান্ত এটা মহা বিপদত পতিত হৈছিল; সেই আপদৰ পৰা উদ্ধাৰ পাবৰ নিমিত্তে কামিনীকান্ত তাত আছে। যি জনা স্ৰজন কৰ্ত্তা, যি জনা ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু পৰম পিতৃ পৰমেশ্বৰ, তেওঁৰ বিৰোদ্ধে আচৰা হৈ তেওঁ দিন নিয়াইছিল। সেই অৱস্থাত থাকোঁতে তেওঁ আপোনাৰ স্বৰ্গত থকা পিতৃৰ ক্ৰোধৰ আৰু অনন্ত শাস্তিৰ পাত্ৰ হৈছিল। সেই ক্ৰোধৰ পৰা পলাবলৈ আৰু সেই শাস্তিৰ পৰা ৰক্ষা পাবলৈ কামিনীকান্ত সেই ঠাইলৈ আহিছে। মিছা হিন্দু ধৰ্ম্ম পৰিত্যাগ কৰি সত্য খ্ৰীষ্টৰ ধৰ্ম্ম আশ্ৰয় কৰিছোঁ, এই বুলিএই কামিনীকান্ত তালৈ আহিছে। তেওঁৰ পিতৃৰ লগত কথোপকথন কৰিব লাগিছে; কি কৈছে, যদি জানিব খোজা, তেনেহলে শুনা।

পিতৃ।  কামিনীকান্ত, তুমি কেনেকৈ আমাক সকলোকে পৰিত্যাগ কৰি আহিলা?

পুত্ৰ।  বাবা, ময় হলে আপোনা সকলক ত্যাগ কৰা নাই, আপুনি মোৰ যেনে পিতৃ, তেনেই আছে; ময়ো আপোনাৰ যেনে পুত্ৰ তেনেই আছোঁ। আপুনি মোক ঘৰত ৰাখিবলৈ যদি সন্মত হোৱা, ময় আনন্দিত হৈ আপোনা সকলে সৈতে থাকিম।

পি।  তোমাক কেনেকৈ ঘৰত ৰাখিম? তুমি মোৰ পক্ষে মৰাৰ তুল্য। তুমি আমাৰ সকলৰ পূৰ্ব্ব পুৰুষবিলাকৰ ধৰ্ম্ম পৰিত্যাগ কৰি ম্লেচ্ছ ধৰ্ম্ম আশ্ৰয় কৰিছা।

পু।  বিশেষ বিবেচনা, বিশেষ বিচাৰ নকৰি ময় এই কাৰ্য্য কৰা নাই; ময় হিন্দুধৰ্ম্ম বিশেষ ৰূপে দেখিলোঁ; তাতে যে আমাৰ পৰিত্ৰাণ নহব তাক নিশ্চয় ৰূপে বুঝিব পাৰিলোঁ। খ্ৰীষ্টৰ ধৰ্ম্ম শিকিব ধৰিলোঁ; মোৰ সকলো মন্দৰ পৰা দূৰ হলোঁ। পাপ কৰি যে ঘোৰ বিপদত পতিত হৈছিলোঁ, তাৰ পৰা উদ্ধাৰ পাবৰ এটী