পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ

ঘৰ, সুখৰ সংসাৰ, এনে বুলি গাঁৱত থকা লৰা বুড়া সকলোএ কণ্ঠেৰে স্বীকাৰ কৰিছিল। ৰামজয় বাবু বিশেষ হিন্দু; শাস্ত্ৰৰ বিধি অনুসাৰে সকলো কৰ্ম্ম কৰিছিল। খিয়াল বা হিংসাৰ বশ নাছিল; আধুনিক প্ৰচলিত কুমন্ত্ৰণাত বশ হে শাস্ত্ৰৰ বিৰোদ্ধে কোনো কৰ্ম্মৰ দ্বাৰায় আপোনাৰ চৰিত্ৰ দুষী নকৰিছিল। তেওঁ যে উত্তম, সত্যবাদী, প্ৰাণ গলেও কেতিয়াও মিছা কথা নকয়; এই নিমিত্তে চুবুৰিয়াবিলাকৰ তেওঁত দৃঢ় প্ৰতিতি আছিল। গাঁৱৰ কোনো বিবাদত বা অন্যায় আচৰণত ৰামজয় বাবু সমজুৱা, ন্যায় বিচাৰত সকলোকে সন্তুষ্টে ৰাখে। বিপদত পৰিলে ৰামজয় বাবুৰ ওচৰত সকলো উপস্থিত হয়; তেওঁ আনন্দ মনে পৰামৰ্শ দি, বা আন কোনো প্ৰকাৰ সহায় ভজি সকলো সময়ত সকলোৰে উপকাৰ কৰে। পৰৰ উপকাৰ তেওঁৰ জীৱনৰ এটী ধৰম কৰ্ম, সেই ধৰ্ম্ম কৰ্ম্ম পালন কৰিবলৈ তেওঁৰ বিশেষ চেষ্টা, বিশেষ কাৰবাৰ আৰু বিশেষ আনন্দো। পৰৰ অপকাৰ সিদ্ধি কৰা, বা পৰৰ নিন্দা প্ৰায় কেতিয়াও আপুনি নকৰে আৰু অন্যকো কৰা দেখিলে সদায় বাধা কৰে। তেওঁৰ পুত্ৰ আৰু কন্যাবিলাকৰো স্বভাৱ সেই প্ৰকাৰ। পিতৃৰ আৰ্হি দেখি সিবিলাকৰো সদ আচাৰ, পৰ উপকাৰী আৰু নম্ৰ স্বভাও হৈছিল।

দ্বিতীয় অধ্যায়।

 ১৮৬৮ খ্ৰীষ্ট শঁকৰ ৫ শাওনৰ সন্ধ্যা সময়ত কলিকতাত থকা ছিমুলিয়াৰ মাঝত এটি ঘৰৰ চাৰিওফালে বহু লোকৰ সাক্ষাত আছিল। কোনোৰ হাতত দীঘল লাঠী, কোনোৰ হাতত বেঁত, সকলোএ ঘুৰি ফুৰিছে। “পুতাইহঁতক মাৰি পেলাম,” “কাঢ়ি লৈ যাম,” এই প্ৰকাৰৰ কথা মাঝে মাঝে শুনা গল। দুই এক জন সেই ঘৰৰ ভিতৰত সোমাল। পাঠক, যদি কাৰণ জানিবলৈ ইচ্ছা কৰা, তেনে হলে দেখা, সেয়ে এজন বৃদ্ধ, চকিত বহি আছে, আৰু এজন ডেকাৰ হাতত ধৰি মধুম্বৰে তেওঁৰ লগত কথোপকথন কৰিছিল, ডেকাৰ নাম কামিনীকান্ত, আৰু যি জনে