পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
 

মাথোন বাট পোৱা হলোঁ; এই নিমিত্তে বিশেষ প্ৰাৰ্থনাৰ পাছে ময় ঈশ্বৰৰ অদ্বিতীয় পুত্ৰ প্ৰভু যীশু খ্ৰীষ্টক মোৰ ত্ৰাণ কৰ্ত্তা বুলি ধৰিছোঁ। তেঁৱেই মোক সকলে বিপদৰ পৰা উদ্ধাৰ কৰি, মোৰ সকলো পাপ খেমা কৰি, মোক অনন্ত যাতনা, আৰু অনন্ত শাস্তিৰ পৰা ৰক্ষা কৰিব।

পি।  তেন্তে কি? তুমি তোমাৰ পিতৃ মাতৃৰ কথা অৱহেলা কৰিবা? সিবিলাকক অগ্ৰাহা কৰিবা, ইয়াকে কি তোমাৰ খ্ৰীষ্টৰ ধৰ্ম্মে শিক্ষা দিএ? পু।  নহয়, বাবা; খ্ৰীষ্টৰ ধৰ্ম্মই ইয়াৰ বিপৰীতে শিক্ষা দিয়ে। “তুমি আপোনাৰ পিতৃ মাতৃক সন্মান কৰা, তাতে তোমাৰ প্ৰভু পৰমেশ্বৰে তোমাক যি দেশ দিএ, সেই দেশতে তোমাৰ পৰম আয়ুয দীঘল হব।” এইয়ে এই ধৰ্ম্মৰ দহ আজ্ঞাৰ মাঝত মানুহৰ সম্বন্ধে প্ৰথম আজ্ঞা। তাত বাবেও আপুনি মোৰ পিতৃ, আপোনাৰ আজ্ঞা পালন কৰা অতি উচিত। কিন্তু আৰু এটী বিষয়ে বিবেচনা কৰোক, আপুনি মোৰ জন্ম দিওঁতা সাংসাৰিক পিতৃ, আপোনাত্ কৈয়ো বহু আদৰণীয় সৃষ্টি কৰ্ত্তা স্বৰ্গীয় পিতৃ আছে, তেওঁৰ বাক্য অৱহেলা কৰি কি প্ৰকাৰে আপোনাৰ বাক্য পালন কৰিব পাৰোঁ? তেওঁ যি আজ্ঞা দিছে, সেই আজ্ঞাৰ বিৰোদ্ধে আচৰণ কৰিবলৈ যদি আপুনি মোক আজ্ঞা দিএ তেনে হলে কিৰূপে আপোনাৰ অজ্ঞা পালন কৰিব পাৰোঁ?

পি।  তেন্তে কি তুমি ঘৰলৈ নেযাবা নে?

পু।  ঘৰলৈ যাবলৈ হলে ময় অসম্মত নহওঁ, কিন্তু অতিশয় আনন্দিত হম। মোক যদি মোৰ ধৰ্ম্মৰ বিৰোদ্ধে কোনো কৰ্ম্ম কৰিবলৈ নোকোৱা, তেনেহলে আপুনি আৰু যিহকে কোৱা ময় হৰ্ষ মনেৰে তাক তেতিয়াই কৰিম।

পি।  সেয়ে কি প্ৰকাৰে হব পাৰে? আমি হিন্দু এজন খ্ৰীষ্টীয়ানক কি ৰূপে ঘৰত ৰাখিব পাৰিম? লোকে কি বুলিব? সিবিলাকে