পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
৩৩
 

আৰু ঈশ্বৰক বিগতি কৰা একেই বুলি কৈছা। ভাবি চাবলৈ গলে এইয়ে যে সত্য, তাক অৱশ্যেই স্বীকাৰ কৰিব লাগে। কিন্তু বিবেচনা কৰোক, আমিছোন দেও দেবীক ঈশ্বৰ বুলি নেমানোঁ। খেৰৰ এটা প্ৰতিমূৰ্ত্তি কৰি তাক যদি ঈশ্বৰ বুলি পূজা কৰা হয়, তেনে হলে ঈশ্বৰক বিগতি কৰা বুলিব পাৰা। দেখোক, ঈশ্বৰ নিৰাকাৰ, যাৰ আকাৰ নাই, তেওঁৰ প্ৰতি প্ৰেম, ভক্তিবিশ্বাস সহজে কৰা নহয়। বিশেষত যিবিলাকৰ জ্ঞান বুদ্ধি নাই, সিবিলাকে এই বিষয়ে বুঝিবও নোৱাৰে। যিহতে সিহঁতে বুঝিব পাৰে সেই নিমিত্তে কোনো প্ৰতিমূৰ্ত্তি সাক্ষাৎ ৰাখি, ঈশ্বৰৰ প্ৰতি বিশ্বাস জন্মোৱা দেৱতা পূজা্ৰ প্ৰয়োজন। সেই প্ৰতিমূৰ্ত্তি দেখি যিহতে সিহঁতে ঈশ্বৰ আছে জানিব পাৰে, তেওঁক প্ৰেম আৰু ভক্তি কৰিব পাৰে, কেৱল সিহঁতক সোঁৱৰণ কৰাই দিবৰ নিমিত্তে এই প্ৰকাৰ দেও দেবীৰ পূজা, বোধ হয় আৰম্ভ হৈছিল। এনে যদি হয়, তেনে হলে কেনেকৈ ইয়াক মন্দ বুলিব পাৰে? যিবিলাকে নিৰাকাৰ ঈশ্বৰক মনত অনুভব কৰিব নোৱাৰে, সিহঁতৰ নিনিত্তে যদি আকাৰ বিশিষ্ট ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি নিৰ্ম্মিত কৰা হয়, তেনে হলে কি দোষ?

আপোনাৰ
সৰলা।

 

দ্বাদশ অধ্যায়।
পঞ্চম পত্ৰ।

প্ৰিয়ত্তমা সৰলা,

 তোমাৰ পত্ৰ পাইছো। ময় অনন্ত জীৱনৰ আৰু প্ৰাৰ্থনাৰ বিষয়ে যি লিখিছিলোঁ, তাক যে কিছু অংশ বুঝিছা, ইয়াতে অতিশয় সন্তোষ পাইছোঁ।  ধৰ্ম্ম পুথিৰ পৰা প্ৰাৰ্থনাৰ সম্বন্ধে যি পাঠ কৰিছা, সেইয়ে অতিশয় প্ৰশংসাৰ বিষয়, সংশয় নাই। তুমি লেখিছা, আমিও-

ছোন প্ৰাৰ্থনা কৰি থাকোঁ। স্বৰূপ কিন্তু সেইয়ে জানো সত্য বা