পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
কামিনীকাত্তৰ চৰিত্ৰ
 

উচিত প্ৰাৰ্থনা? ধৰ্ম্ম পুথিত যি যি পাঠ কৰিছা, তাৰ পৰাই দেখো জানিব পাৰা যে, তোমোলাকব প্ৰাৰ্থনা গ্ৰাহ্য নহয়। ৰাম, কৃষ্ণ, দুৰ্গী বা আন কোনো দেও দেবীৰ নাম বাৰম্বাৰ উচ্চাৰণ কৰাই প্ৰাৰ্থনা হয় নে? কেতিয়াও নহয়। আৰু কোনো মিছা দেৱতাৰ আগত প্ৰাৰ্থনা কৰাই ঈশ্বৰৰ উদ্দেশে প্ৰাৰ্থনা বুলি গ্ৰাহ্য হব পাৰেনে? দেও পূজা কৰাত যে দোষ নহয়, তুমি দেখুৱাবলৈ চেষ্টা কৰিছা, নিৰাকাৰ ঈশ্বৰক সোঁৱৰণ কৰিবৰ নিমিত্তে দেও দেবী ৰূপে তেওঁৰ আকাৰ দিয়াত দোষ নাই বিবেচনা কৰা। তোমাক এটী কথা সোধোঁ, ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি কৰা উচিত নে? মাটীৰে বা খেৰেৰে তেওঁৰ প্ৰতিমূৰ্ত্তি নিৰ্ম্মাণ কৰাত জানো তেওঁক বিগতি কৰা নহয় নে? এটী সামান্য দৃষ্টান্ত দিওঁ, বিবেচনা কৰা; কোনো পিতৃয়ে তেওঁৰ সন্তানক এৰি দূৰ দেশলৈ গৈছিল। অনেক দিন সেই সন্তানে তাৰ পিতৃক দেখা নাই, তেওঁৰ মুখ কেনেকুৱা আকাৰ বিস্মৰণ হৈছে, অনেক সময়ত পিতৃক সোঁৱৰণ কৰা তাৰ পক্ষে কঠিন হৈ উঠে।—এনে সময়ত যদি সেই সন্তানে বান্দৰ বা আন কোনো পহুৰ প্ৰতিমূৰ্তি নিৰ্মান কৰি তাকে তাৰ পিতৃৰ প্ৰতিমূৰ্তি বুলি সোঁৱৰণ কৰে, তেনে হলে সেই সন্তানৰ ব্যৱহাৰ কি প্ৰকাৰ বুলিবা? তাৰ পিতৃয়ে তাৰ ওপৰত ক্ৰোধ নহব নে, আৰু মানুহে তাক নিন্দা নকৰিব নে? দেখা, দেও পূজকবিলাকৰ ব্যৱহাৰ এই প্ৰকাৰ। আৰু দেখা, এই সকলো দেও দেবী যে ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি মাথোন, তেনেকৈ দেখো, তোমোলাকে নোকোৱা। সেই বিলাকত যে ঈশ্বৰৰ গুণ আছে, তাকো তোমোলাকে বিশ্বাস কৰা। ৰোগ দূৰ কৰিব, আশীৰ্ব্বাদ প্ৰদান কৰিব, বা আন কোনো মঙ্গল সিদ্ধি কৰিবৰ যে সেই সকলো শীল বা মাটীৰ নিৰ্ম্মিত প্ৰতিমূৰ্ত্তিৰ শক্তি আছে, তাকো তোমোলাকে বিশ্বাস কৰা। এইবিলাকত বাহিৰেও হিন্দু ধৰ্ম্মত অনেক বিষয় আছে, যিহৰ কাৰণে কোনো প্ৰকাৰেই তাত বিশ্বাসৰ যোগ্য নহয়। পাপৰ প্ৰায়শ্চিত্তৰ সম্বন্ধে যি সকলো