পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
কামিনীকান্তৰ চৰিত্ৰ
 

অধিক প্ৰমাণৰ প্ৰয়োজন নাই, কাৰণ তুমি আপুনিএই তাক বুঝিব পাৰিছা।

তোমাৰ,
শ্ৰীকামিনীকান্ত।

 

একাদশ অধ্যায়।
( সৰলাৰ উত্তৰ )

প্ৰাণৰ অধিক,

 আপোনাৰ তৃতীয় আৰু চত্তৰ্থ পত্ৰ পঢ়ি অতিশয় আনন্দিত হলোঁ। মোৰ পত্ৰৰ উত্তৰত তৃতীয় পত্ৰত যি সকলো বিষয় দেখুৱাই দিছা, তাক মনেৰে সৈতে বাৰম্বাৰ পাঠ কৰিছো, অনেক অংশ বুঝিব পাৰিছোঁ। পৰকাল যে আছে, মৰণ হলে যে সকলো শেষ নহব, এতিয়া তাৰ বিশ্বাস হৈছে। স্বৰূপত যদি এই পৃথিবীত সকলে। অন্ত হয়, তেনে হলে মনুষ্য আৰু পহুত কি বেলেগ, তেন্তে যেতিয়া পৰ জীৱন আছে, তেতিয়া তাৰ কাৰণে যুগুত হোৱা আমাৰ সকলোৰে এতিয়াই উচিত। অনন্ত কালত যিহতে সুখত থাকিব পাৰিম, সেই নিমিত্তে যে পুৰুষাৰ্থ আৰু কাৰবাৰী হবলৈ লেখিছিলা, তাক এতিয়া ভাল ৰূপে বুঝিব পাৰিলোঁ।

 মাসি লিখা শুভবাত্ৰাত যি কিছু প্ৰাৰ্থনা আছে, তাক পঢ়িলোঁ, আৰু হেমাঙ্গীকো পঢ়ালোঁ। তেওঁ নৰেন্দ্ৰ বাবুক এই বিষয়ে সুধিছিল, তেওঁ অনেক কৈছিল, তাকো শুনিলোঁ। অৱশ্যে প্ৰাৰ্থনা কৰা আমাৰ সকলোৰে উচিত। আমিও ছোন ঈশ্ববৰ নাম লৈ প্ৰাৰ্থনা কৰি থাকোঁ; প্ৰভু মোক এইয়া দিয়া বুলি সিওছোন এক প্ৰকাৰ প্ৰাৰ্থনা। যি কি হউক, আপুনি যি প্ৰকাৰে কৈছে আৰু ধৰম পুৰিত যি প্ৰকাৰে উপদেশ পাইছোঁ, এতিয়াৰ পৰা সেই প্ৰকাৰ প্ৰাৰ্থনা কৰিবলৈ স্থিৰ কৰিছোঁ। প্ৰাৰ্থনা কৰিলে ঈশ্বৰে যে অৱশ্যেই শুনিব, তাৰ আৰু সংশয় নাই।

 চত্তৰ্থ পত্ৰত আপুনি দেৱতা পূজা নিন্দা কৰিছা। দেও দেবীক পুজা