পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
৩১
 

তুমি পূৰ্ব্বৰ পত্ৰত সুধিছিলা, “কোন ধৰ্ম্ম সত্য, তাক কি প্ৰকাৰে জানিম?” পৃথিবীত অনেক প্ৰকাৰ ধৰ্ম্ম আছে, হয়, কিন্তু দেখা সকলো ধৰ্ম্মেই যে সত্য, এনে কেতিয়াও অনুমান হব নোৱাৰে। সেই নিমিত্তে এই সকলো ধৰ্ম্মৰ মাঝত কেৱল এটী ধৰ্ম্ম যে সত্য, তাৰ কোনো স শয় নাই। তেন্তে সেই সত্য ধৰ্ম্ম কোনটো তাক বিচাৰ কৰা আমাৰ সকলৰ বিশেষ ৰূপে উচিত। ময় তিনটী ধৰ্ম্মৰ বিষয়ে তোমালৈ লেখিম, তেনে হলে কোন ধৰ্ম সত্য তাক জানিব পাৰিবা। দেখা, সৰলা, হিন্দু ধৰ্ম্মত যে তোমাৰ দৃঢ় বিশ্বাস নাই, তাক অনেক বেলি তুমি মোত কলা। আৰু যি কিছুমান পঢ়িছা, তাতে যে হিন্দু ধৰ্ম্মত তোমাৰ বিশ্বাস নহব, সেইয়ে আশ্চৰিত নহয়। যি ধৰ্ম্মত চেতন অচেতন পহু, পখী, শিল, কাঠ আদিকে ঈশ্বৰৰ প্ৰতি ৰূপ বুলি পূজা কৰিবলৈ শিক্ষা দিয়ে, কম বুদ্ধিৰ মানুহৰো সেই ধৰ্ম্মত বিশ্বাস হোৱা অনুমান নহয়। আমাৰ নিচিনা তেজ মঙ্গহযুক্ত পাপেৰে পূৰ্ণ শৰীৰ বিশিষ্ট মানুহবিলাকক ঈশ্বৰৰ অৱতাৰ বুলি স্বীকাৰ কৰিবলৈ আৰু সিবিলাকক পূজা কৰিবলৈ যি ধৰ্ম্মে আমাক শিক্ষা দিয়ে, সেই হিন্দু ধৰ্ম্ম কি আমাৰ বিশ্বাসৰ যোগ্য নে? কেতিয়াও নহয়। পুণ্য তীৰ্থৰ স্থান দৰ্শন, বা পবিত্ৰ গঙ্গা নদীৰ জলত স্নান কৰিলে আমাৰ অপৰাধ খেমা হব, আৰু আমি মুক্তি পাম, এই প্ৰকাৰ পৰিহাস্য উপদেশ যি ধৰ্ম্মৰ পৰা পোৱা যায়, সেই হিন্দু ধৰ্মত আমাৰ বিশ্বাস হোৱা কি সম্ভও? ছাগ, মহ বা আন কোনো পহুপক্ষী বলিদান আৰু উৎসৰ্গ কৰি, মানুহে যে তাৰ পাপৰ দণ্ডৰ পৰা মুক্তি পাব, বা কোনো পহুৰ তেজেৰে যে পাপ আচৰা মানুহৰ পাপৰ প্ৰায়শ্চিত্ত হব, এনে ভ্ৰমৰ শিক্ষা যি ধৰ্ম্মে প্ৰদান কৰে, সেই হিন্দু ধৰ্ম্মত সামান্য জ্ঞান বিশিষ্ট মানুহৰ জানো কোনো সময়ত বিশ্বাস হোৱা সম্ভও? হিন্দু ধৰ্ম্ম যে মিছা, হিন্দু ধৰ্ম্ম আশ্ৰয় কৰিলে যে আমাৰ পাপৰ প্ৰায়শ্চিত্ত কেতিয়াও নহব। আমি শুধ আৰু পৰিত্ৰ জীৱন প্ৰবৰ্ত্তন কৰিবলৈ যে কেতিয়াও সমৰ্থ নহম, আৰু অৱশেষত যে অনন্ত সুখ ভোগ কৰিব নোৱাৰিম, কিন্তু তাৎ বাঝে চিৰকালৰ নিমিত্তে যে নৰকৰ যাতনা ভোগ কৰিব লাগিব সেই বিষয়ৰ