পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
কামিনীকান্তৰ চৰিত্ৰ
 

এনেই হোৱা নাই। অৱশ্যে এজনা সৃষ্টিকৰ্ত্তা আছে; তেওঁকেই আমি ঈশ্বৰ বোলোঁ। তেৱেই তোমাকো, মোকো স্ৰজন কৰিছে, পৃথিবী আৰু পৃথিবীত থকা সকলো বস্তুকে তেৱেই স্ৰজিলে। ঈশ্বৰ যে আছে, তাক তুমি অৱশ্যেই মানা। কিন্তু তুমি যিবিলাকক ঈশ্বৰ বোলা, সেই বিলাক জানো স্বৰূপ ঈশ্বৰ নে? তুমি তিনিশ তেত্ৰিছ কোটি ঈশ্বৰত বিশ্বাস কৰা, ই কি কেতিয়াবা সম্ভও নে? কাঠ, খেৰ, মাটীৰ দ্বাৰা এটী মূৰ্ত্তি নিৰ্মাণ কৰি তাকেই ঈশ্বৰ বুলি পূজা কৰা। সৰলা ভাবি দেখাছোন, স্বৰূপত ই লৰাই ওমলা নহয় নে? যি জনা সৰ্ব্ব শক্তিমান ঈশ্বৰ যি জনাই আপোনাৰ বাক্যৰ শক্তিৰে এই সমুদায় ব্ৰহ্মাণ্ডক স্ৰজন কৰিছে; শিলক বা মাটীকে, গছক নাইবা নদীক তেওঁৰ প্ৰতিমূৰ্ত্তি বুলি পূজা কৰা, তেওঁক বিগতি কৰা নহয় নে? কিন্তু দেখা, তুমি নিতৌ ২ তাকেই কৰি আছা, এটী শিলক সিঁন্দুৰ লিপি ঈশ্বৰ বুলি পূজা কৰা। দেখা, যিমান শীঘ্ৰে পাৰা, ইয়াক পৰিত্যাগ কৰিবা; আমি যাক ঈশ্বৰ বুলি পূজা কৰোঁ, তেওঁ নিৰাকাৰ, তেওঁৰ আদিও নাই, অন্তো নাই; তেওঁ সত্য, দয়ালু পবিত্ৰ ঈশ্বৰ, সৰ্ব্বব্যাপী, সকলোৰে অন্তৰ্যামী, সৰ্ব্বশক্তি ঈশ্বৰ। আমি ফুল দি. বা সিন্দুৰ দি বা নৈবেদ্য দি তেওঁৰ পূজা নকৰোঁ? আমি প্ৰেম, ভক্তিৰে আৰু বিশ্বাসৰ দ্বাৰায় তেওঁৰ পূজা কৰোঁ। আৰু আমি যি কৰোঁ, তাকেই যে কৰা যুক্তিসিদ্ধ আৰু উচিত, এনে অনুমান কৰোঁ, তুমি বুঝিছা। ঈশ্বৰক ফল বা ফুল দি সন্তোষ কৰিব লাগে নে? তেওঁ সেইবিলাক নোখোজে। তেওঁ প্ৰত্যেকৰ মন খোজে; মনৰ ভক্তি খোজে; বিশ্বাস খোজে; তাকে পালেই তেওঁ সন্তোষ। ঈশ্বৰক এই সকলোকে প্ৰদান কৰা কোনো প্ৰকাৰেই কঠিন কৰ্ম্ম নহয়। আমি ইচ্ছা কৰিলে আৰু চেষ্টা কৰিলেই তেওঁ পাব পাৰে। তুমি এই সকলো দি তেওঁৰ পূজা কৰিছানে? অনুমান হয়, কেতিয়াও কৰা নাই। কাৰণ হিন্দু ধৰ্ম্মত এই সকলো দান কৰিবৰ বিষয়ে বিশেষ ৰূপে কোৱা নাই। তোমোলাকৰ ধৰম বাহিৰৰ আৰু লোকক দেখুৱা। তোমোলাকে মনত ভাবা মানুহে সন্তোষ হলেই ধৰম কম হয়, কিন্তু স্বৰূপতে তেনে নহয়।