পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
২৯
 

প্ৰয়োজন। যি ঠাইত এই বিষয়ে তোমালৈ লেখা হব, সেই ঠাইত তোমাৰ পূৰ্ব্বে লেখা প্ৰশ্নৰ সমাপন কৰি দিম।

 ৪। প্ৰাৰ্থনাৰ বিষয়ে সুধিছা। প্ৰাৰ্থনা নো কি? আমি ঈশ্বৰৰ আগত যি সকলো অনুগ্ৰহ পোৱা হওঁ, সেই সকলো অনুগ্ৰহৰ নিমিত্তে প্ৰাৰ্থনাৰ দ্বাৰায় আমি ঈশ্বৰৰ ধন্য বাদ কৰোঁ, তেওঁ যে আমাক সকলোকে শ্ৰজন কৰিছে, প্ৰতিপালন কৰিছে ৰক্ষা কৰিছে, অশেষ প্ৰকাৰে আমাক সকলোকে আশীৰ্ব্বাদ কৰিছে, সেই নিমিত্তে আমি প্ৰাৰ্থনাৰ দ্বাৰায় ধন্যবাদ কৰোঁ। প্ৰাৰ্থনাৰ দ্বাৰায় আমাৰ সকলৰ সকলো অভাও তেওঁক জনাওঁ, আমাৰ সকলৰ যি কিছু আৱশ্যক তাক মাগন কৰোঁ; প্ৰাৰ্থনাৰ প্ৰধান প্ৰয়োজন এই। ঈশ্বৰে সৈতে কথোপকথন কৰাই প্ৰাৰ্থনা। পুত্ৰই যেনেকৈ পিতৃৰ ওচৰলৈ গৈ, তাৰ শোক, দুঃখ, অপৰাধ আদি নিবেদন কৰে, যি প্ৰয়োজনীয়, তাক মাগন কৰে; সেই প্ৰকা্ৰে আমিও আমাৰ সকলৰ স্বৰগত থকা পিতৃৰ আগত সাক্ষাৎ হৈ নম্ৰ মনেৰে আমাৰ সকলৰ নিবেদন জনাওঁ। যীশু খ্ৰীষ্টৰ নাম শুনিছা, তেওঁৰ শিষ্য বিলাকক তেওঁ যি প্ৰাৰ্থনা শিক্ষা দিছিল, সেইয়ে সকলো প্ৰাৰ্থনাৰ আৰ্হি স্বৰূপ। যি ধৰ্ম্ম পুথি পঠিয়াইছোঁ, তাৰে মাথিএ লিখা শুভযাত্ৰাৰ ৬ অধ্যাৰ ৯ পদৰ পৰা ১৩ পদলৈকে পাঠ কৰিলে, প্ৰাৰ্থনাৰ বিষয়ে বুঝিব পাৰিবা।

দশম অধ্যায়।

চতুৰ্থ পত্ৰ।

প্ৰিয়ত্তমা সৰলা,

 দেখা, যিৰূপে ছুৰি বা ঘড়ি দেখিলেই অনুমান হয়, যে কোনোবাই তাক প্ৰস্তুত কৰিছে, সেই ৰূপে যেতিয়া এই পৃথিবী আৰু তাৰ মাঝত থকা সকলোঁ বস্তু দেখোঁ তেতিয়া আমাৰ সকলৰ মনত আহে নহয় নে যে, ইয়াৰো এজনা স্ৰঞ্জন কৰ্ত্তা আছে? আপোনা আপুনি ই কেতিয়াও