পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
কাহিনীকান্তৰ চৰিত্ৰ
 

এই বিষয়ে জানিব আৰু নিশ্চয় কৰিব পাৰা, সেইএই মোৰ পত্ৰ লিখিবৰ প্ৰয়োজন। ধৰম অনেক, এইবিলাকৰ মধ্যত যিটী সত্য, তাক তোমাক প্ৰমান কৰি দিম, তেনে হলে, বোধ হয়, বিশ্বাস কৰিবলৈ তোমাৰ বাধা নেথাকিব।

 ২। লিখিছা, মৰণৰ পাছে আত্মা যে জীয়াই থাকিব, তাক বুঝিব পৰা নাই৷ দেখা সৰলা, মানুহৰ আত্মা যে অমৰন তাক প্ৰমান কৰা অৱশ্যে সহজ নহয়। তুমি যিহতে বুঝিব পাৰিবা, সেই প্ৰকাৰ প্ৰমান দেখুৱা কিছু কঠিন। এটী উপমা দিওঁ; এই পৃথিবীত আমি এটী আশ্চৰিত ঘটনা সামান্য ৰূপে দেখিবলৈ পাওঁ; দুৰাচাৰ অধৰ্ম্মী লোকবিলাকে প্ৰায় ইয়াতে কৃতাৰ্থ আৰু সন্মান পোৱা হয়, কিন্তু ধৰ্ম্মত চলা সদাচাৰিবিলাকে প্ৰায়েই দুঃখেৰে কাল নিয়াই। যদি এই পৃথিবীতে আমাৰ সকলৰ কাৰ্য্যৰ শেষ হলহেঁতেন, তেনে হলে ঈশ্বৰ যে সত্য, ইয়াক দেখো বিশ্বাস কৰিব নোৱাৰি। দুষ্টক দমন, আৰু সত্তক পালন, এই পৃথিবীত দেখোঁ উত্তমৰূপে সম্ভব নহয়। প্ৰতি মানুহক কাৰ্য্যৰ অনুসাৰে প্ৰতিফল পোৱা দেখা নাই। ইয়াৰ দ্বাৰায় আমাৰ সকলোৱে অনুমান কৰা উচিত যে এই পৃথিবী ধ্বংশ হলে, এই শৰীৰ নষ্ট হলে, নে এক সময় সাক্ষাৎ হব, যেতিয়া প্ৰত্যেক মানুহে আপোন কৰ্ম্মৰ অনুসাৰে উচিত ফল পোৱা হব, এনে এক দিন নিশ্চয়ে সাক্ষাৎ হব, যেতিয়া ন্যায়ৱম্ভ ঈশ্বৰে প্ৰত্যেক মানুহক তাৰ কাৰ্য্য অনুসাৰে পৰম সুখ, নাইবা শাস্তি প্ৰদান কৰিৰ। এই জীৱনে যেতিয়া ইয়াৰ সম্পূৰ্ণ ফল দেখিবলৈ নেপায়, তেতিয়া পাছৰ জীৱনত, অৰ্থাৎ মৰণৰ পাছে অনন্ত কালত যে এইয়ে সম্পূৰ্ণ ৰূপে সিদ্ধি হব, সেইয়ে প্ৰত্যেকৰ অৱশ্যেই বিশ্বাসৰ যোগ্য।

 ৩। তুমি আৰু লেখিছা যে, ঈশ্বৰে কি আজ্ঞা দিছে; কাক নো দিছে; কেতিয়া নো দিছে; তাক নেজানা। ঈশ্বৰ নিৰাকাৰ হৈ কি প্ৰকাৰে আজ্ঞা দিব পাৰে, তাকো বুঝিব পৰা নাই। ইয়াৰ উত্তৰ পাছে লেখিম। ঈশ্বৰৰ আজ্ঞাবিলাক তোমাক জনোৱা মোৰ প্ৰধান