পূৰ্ব্বব দৰে আৰু চিন্তা নাই, আৰু এতিয়া নিদ্ৰাতো বাধা নাপায়।
কিন্তু সকলোএ কি পাহৰিছে? সতী সৰলায়ো কি পাহৰিলেনে?
স্বামীয়েই যাৰ সৰ্ব্বধন, সেই সৰলায় কি কামিনীকান্তৰ বিষয়ে
নেভাবেনে? ই ও কি কেতিয়াবা সন্তও হয় নে? সেয়া দেখা,
খাটৰ ওপৰত বহি কোনে কান্দিব লাগিছে। এখন ভৰি খাটৰ
ওপৰত, আৰু আন এখন ভৰি মাটীত ঝুলিব লাগিছে। চুলি
মুকলি, চুলিৰ খোপা আউলি বাউলি হৈ পৰি মূখপদ্ম আবৃত কৰিছে।
সেই কলা চুলি কোছাৰ মাঝেদি চক্ষুৰ পৰা লোতক ওলাই তাইৰ
চম্পাফুলৰ বৰণৰ সদৃশ সুন্দৰ গালেদি বৈ খাটৰ ওপৰত টোপে ২
পৰিছিল। সৰলাৰ ওচৰত সেইটো কোন? প্ৰিয় সখী
হেমাঙ্গী থিয় হৈ আছে। হেমাঙ্গী কোন? তাতে বা কিয় আছে?
হেমাঙ্গী নবেন্দ্ৰৰ তিৰোতা। নবেন্দ্ৰ কোন? কামিনীকান্তৰ প্ৰিয়
মিত্ৰ, সেই কাৰণে হেমাঙ্গী সৰলাৰ একমাত্ৰ বন্ধু। সৰলাৰ অসহনীয়
দুঃখত হেমাঙ্গী তাইক সান্তনা দিওঁতা। সবলায় কান্দিব লাগিছে,
তেওঁক সান্ত্বনা কৰিবলৈ হেমাঙ্গী তেওঁৰ ওচৰত থিয় হৈ আছে।
হেমাঙ্গী। সবলা, তোমাৰ ক্ৰন্দন আৰু কি নৰয় নে?
সৰলা এই জীৱন থাকে মানেতো নহব।
হে৷ এয়ে তোমাৰ বড় অনিয়াই; দুঃখৰ কি শেষ নাই, কান্দনিৰ
- যে শেষ নহব!
সৰলা। দুঃখৰ যদি শেষেই হব, তেন্তে আৰু কিয় কান্দিম?
হে। তোমাৰ ইমান দুঃখ কিহৰ, তুমি যে কান্দি কান্দি দিন
- নিওৱা?
সৰলা। হেম, তুমি মোৰ দুঃখ কেনেকৈ বুঝিবা, আৰু কি প্ৰকাৰে বা
- মোৰ দুঃখৰ ভাগী হব? বিয়া হবৰে পৰা স্বামীক এৰা হোৱা
- নাই। স্বামীক এৰি থকা কেনে যন্ত্ৰনা, তাক তুমি কেনেকৈ
- জানিবা? সেই কাৰণে তুমি মোৰ দুঃখৰ এক ভাগো বুঝিব
- নোৱাৰা।