পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ

হল, আৰু ৰাগ প্ৰকাশ কৰি কলে, “তয়ো খ্ৰীষ্টীয়ান হবি যেনহে দেখিছোঁ।” অম্বিকাচৰণৰ অতিশয় লাৱন্য স্বভাও; আৰু কোনে প্ৰত্যুত্তৰ নকৰি আঁতৰি গল। ৰামজয় বাবুএ পলম নকৰি যিমান শীঘ্ৰে পাৰিলে, শিমুলিয়ালৈ গল। জোয়াএকৰ লগত সাক্ষাত কৰিলে, অনেক বুঝালে, অনেক তিৰস্কাৰ কৰিলে, কিন্তু সেই সকলোতে একো ফল নহল। বিয়য়েকৰ দৰে তেঁৱো বিফল হৈ ক্ৰোধ আৰু দুঃখিত মনেৰে ঘৰলৈ উভতি আহিল। নিশা টোপনীও নাহিল। লোকৰ আগত হাঁহিয়াতৰ ঠাই হ’ল, চুবুৰিয়াবিলাকে অৱহেলা কৰিব, সমাজৰ পৰাত বাঝ কৰা হম, একবাৰ তাকেই ভাবিছিল; আকও স্বামী বৰ্ত্তমানত আপোনাৰ কন্যাৰ বিধবা দশা সোৱৰণ কৰি তাৰ অশেষ যাতনা অনুভও কৰিছিল। চক্ষুৰ লোতকেৰে গাঁৰু তিতিছিল। এই প্ৰকাৰ অশেষ দুঃখেৰে নিশা নিওয়া হল, এক নিমিষো চক্ষু মুৰ্দিব নোৱাৰিলে। আকাশৰ চন্দ্ৰ এক ফালৰ পৰা আন ফাললৈ গৈ বাৰীৰ ভিতৰত লুকাল। হেজাৰ ২ তৰা ওৰে ৰাতি চকিয়ালৰ দৰে জগি থাকি দিন পতিৰ ভয়ত নিদ্ৰা গল। পক্ষীবিলাক জাগি উঠিল, আৰু কোলাহল শবদেৰে আপোন আপোন বাহৰ পৰা বাহিৰ হৈ সৃষ্টি কৰ্ত্তাৰ গুণ কীৰ্ত্তৰ্ণ কৰিব ধৰিলে। ৰামজয় বাবুও উঠিল, হোকা হাতত লৈ ব্যাকুল মনেৰে চৰা ঘৰৰ দুৱাৰ মুখত বহি ৰল।

চতুৰ্থ অধ্যায়।

 এইৰূপে কিছুমান দিন আৰু মাহো নিউৱা হল। সকলোৰে চিন্তা, সকলোৰে দুঃখ ক্ৰমে ২ হ্ৰাস হল। কামিনীকান্তৰ মাতাই ( পিতাকৰ কথা আঁতৰতে থাকোক ) আৰু সিমান নেকান্দে। কেতিয়াবা পুত্ৰৰ কথা মনত পৰে, কিছু বেলিৰ নিমিত্তে কান্দে, আকও আন কাৰ্যত নিযুক্ত হৈ তাক পাহৰি যায়। তাৰ শহুৰেকৰ মনতো