পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
কামিনীকান্তৰ চৰিত্ৰ
 

হে। দেখা, ময় বুঝিব পাৰোঁ; কিন্তু কি কৰিম কোৱা? আৰু

উপায় নাই,

এনেকুৱাওতো নহয়। দেখা, কামিনীকান্ত বাবু

জীয়াই আছে, এনেকুৱা নহয় যে, তেওঁ নাই, তেন্তে তেওঁ যেতিয়া
আছে মিলন হবই হব; সেই বিষয় কিয় ভাবনা কৰা? সেই
আশ৷ কৰি সকলো দুঃখ সহন কৰা। দেখা, কিমান বেলি
পঢ়িছা, কিমান লোক দূৰ দেশী হয়, কিন্তু বাৰ, চৈধ্য বছৰৰ
পাছে দেখা দিয়ে। তুমি পুনৰাই তোমাৰ স্বামীক পাবা; সেই
বিষয়ে একো সংশয় নকৰিবা।

স। ভাই, তুমি মোক আশাৰ ওপৰত অতিশয় আশ্ৰয় কৰি

থাকিবলৈ কৈছ৷ কিন্তু এই পোড়া কপালত সেই আশা
জানে৷ কেতিয়াবা ফলিব? এই চকুয়েৰে জানো তেওঁক
দেখিবলৈ পাম?

হে। বাৰু সৰলা, স্বৰূপকৈ কোৱাছোন ভায়, যদি কামিনীকান্ত

বাবুএ তোমাক লৈ যাব খোজে, তেনেহলে তুমি তেওঁৰ লগলৈ
যাবলৈ সন্মত আছানে?

স। স্বামীৰ ওচৰলৈ যাম, সেই বিষয়ে কি আৰু আনপ্ৰকাৰ হব

পাৰে নে? তেওঁৱেই মোৰ প্ৰভু; তেওঁৰ ওচৰলৈ যাম; সেই
বিষয়ে লাজ বা কি? ভয়েই বা কি, আৰু অপমানেই বা কি?
তেওঁ দেখো এনেকুৱা কোনো অন্যায় কৰ্ম্ম কৰা নাই যে, তেওঁৰ
লগত বাস কৰিলে লোকে মোক দোষ দিব। এক ধৰ্ম্ম এৰি
আৰু এক ধৰ্ম্মলৈ যোৱাত বাজেতো আন নহয়, তেওঁৰ ভুল
হব পাবে, ভ্ৰম হবও পাৰে, সেই কাৰণে তেওঁ যে কোনো
মন্দ কৰ্ম্ম কৰিছে; তেনেকৈ দেখোঁ কব নোৱাৰোঁ, তেন্তে তেওঁৰ
ওচৰলৈ যাবলৈ ময় সংশয় বা কিয় কৰিম আৰু অৰুচিত্ৰই বা
কিয় হম?

হে। তেন্তে তুমি যাবলৈ সম্পূৰ্ণ সন্মত আছা।

স। সেইয়ে ভাই আছে, কিন্তু হেম, মনত এটা বড় সংশয় হৈছে, দেখা,