ভাতো নোলায়। পানী-খোৱা লোটা আদি কৰি সকলো বস্তু বেচি খাইও সন্তোষ লগা নাই, আকও কেৰু-মণিও বেচি খাবলৈ লাগে। লাজ থকা মানুহে এনে কথা কেতিয়াও ন কয়।
কীৰ্ত্তি। — (মনে-মনে) এইৰ মাত খোৱাত্কৈ কানি নে খাই মৰাই ভাল। হায় হায়! মই যদি কানীয়া নহলোঁহেঁতেন, এইৰ মাত সহিলোঁহেঁতেন কেলেই? একেষাৰ মান মাতোঁতেই গচকা মাৰি ধৰিলোঁহেঁতেন; এতিয়া একেষাৰ টান মাত মাতিবলৈও ভয় হে লাগে; তাই যদি মাক-বাপেকৰ ঘৰলৈ গুচি যায়, তেন্তে জীৱন্ততে মৰা হম। এই কানি খোৱা হলেও মোৰ ইমান দুখ ন হলহেঁতেন, তেতিয়া হাতৰ-কাণৰ বেচিও কানি আনিবলৈ দিলেহেঁতেন।
ঘৈণী। — (মনে-মনে) ঈহ্! মই, চণ্ডালীয়ে কিয় জেঙ্গেৰাটো মাৰিলোঁ, দেহি, পৰোঁতে নো তেনে কৰিছে নে? আগেয়ে বৰবিহ খাইছে, এতিয়া নে খাই থাকিব নোৱাৰে, কি কৰিম? আঙ্গঠীকে এটা দিও, বেচি খাওক। (সোণৰ আঙ্গঠী এটা দি) হোৱাঁ, ইমানেই হে আছিল, তাৰো অন্ত পৰিল।
কীৰ্ত্তি। — উস্ ৰাম! জীলোঁ; এতিয়া হাটলৈ যাওঁ।
(দুইৰো প্ৰস্থান।)